গুৱাহাটী,২৫ মে':১১০৫ কোটি টকাত বিক্ৰী হৈছে বিশ্বৰ সবাতোকৈ মূল্যবান বাহনখন, পাছে ইমান টকাত ক্ৰয় কৰিয়ো মালিকে নিজৰ ইচ্ছামতে চলাব নোৱাৰিব সেইখন।কিয়নো এই গাড়ীখন এক নিলাম কেন্দ্ৰৰ জৰিয়তেহে এগৰাকী লোকে ক্ৰয় কৰে। পূৰ্বতে ২০১৮ চনত ৩৭৫ কোটি টকাত ক্ৰয় কৰা সবাতোকৈ মূল্যবান বাহন হিচাপে পৰিচিত ফাৰাৰীকো পিছ পেলাই এই বাহনখনে লাভ কৰিছে অন্য এক চৰ্চা।সেই ফাৰাৰী খন আছিল ১৯৬২ চনত নিৰ্মিত।
এইবাৰৰ এই হাজাৰ কোটি টকাত বিক্ৰী হোৱা বাহন খন ১৯৫৫ চনত নিৰ্মাণ কৰা এখন বিশেষ বাহন। মাৰ্ছিডিজ বেঞ্জ-৩০০ এছ এ আৰ নামৰ এই বাহন খন কোনো অজ্ঞাত লোকে ১১০৫ কোটি টকাত নিলামত ক্ৰয় কৰে । এই নিলাম জাৰ্মানীত গোপনে অনুষ্ঠিত হৈছিল। ক্ৰয়-বিক্ৰয় চৰ্ত অনুসৰি নিজৰ লগত ঘৰলৈ নিব নোৱাৰিব বাহনখন।বাহনখন জাৰ্মানীৰে মাৰ্ছিডিজৰ সংগ্ৰহায়লত থোৱা হ'ব। উল্লেখ্য যে, এই নিলামত লাভ কৰা ধনৰাশি কেম্পানীয়ে অভিযন্তা, গণিত আৰু বিজ্ঞানৰ শিক্ষাৰ্থী সকলক জলপানি দিয়াৰ বাবে ব্যৱস্থা কৰিব।
Comments