গুৱাহাটী, ২৫ মেঃ কেন্দ্ৰই বুধবাৰে ২০২১-২২ বৰ্ষৰ বাবে (অক্টোবৰ-ছেপ্টেম্বৰ)ত চেনীৰ ঘৰুৱা উপলব্ধতা আৰু মূল্য স্থিৰতা বজাই ৰখাৰ বাবে ১ জুন, ২০২২ তাৰিখৰ পৰা ১০০ লাখ মেট্ৰিক টনলৈকে চেনী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডিজিএফটি) জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে, "খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ অধীনত চেনী সঞ্চালকালয়ৰ নিৰ্দিষ্ট অনুমতিৰ সৈতে চেনী ৰপ্তানিৰ অনুমতি ১ জুনৰ পৰা ৩১ অক্টোবৰলৈ বা পৰৱৰ্তী নিৰ্দেশলৈকে নিষিদ্ধ হৈ থাকিব।
ইপিনে, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সুধাংশু পাণ্ডেয়ে কয় যে, "চেনীৰ অভিলেখ ৰপ্তানিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে।"
লগতে, ২০১৭-১৮ বৰ্ষৰ চেনী খেতিৰ সময়ত, কেৱল প্ৰায় ৬.২ মেট্ৰিক টন চেনী ৰপ্তানি কৰা হৈছে। ২০১৮-১৯ বৰ্ষত, ৩৮ মেট্রিক টন আৰু ২০১৯-২০ বৰ্ষত ৫৯.৬০ মেট্রিক টন চেনী ৰপ্তানি কৰা হৈছে বুলি পাণ্ডেয়ে জানিবলৈ দিয়ে।
Comments