গুৱাহাটী,২৫ মে':ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত এখন জাকত জিলিকা বিদ্যালয় হৈছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়৷ য’ৰ পৰা উত্তীৰ্ণ ১৪ গৰাকীকৈ ছাত্ৰই অসম সাহিত্য সভাৰ দৰে এটা আগশাৰীৰ অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ বুধবাৰে এইখন বিদ্যালয়তে উপস্থিত হয় বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে নহয়, বৰং বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ বহি মূল্যায়ক ৰূপেহে মহন্তই বিদ্যালয়খনত উপস্থিত হয় ৷
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ উপস্থিতিৰ লগে লগে বিদ্যালয়খনত সৃষ্টি হয় উছৱমুখৰ পৰিৱেশ ৷ উল্লেখ্য যে,১৮৪১ চনত প্ৰতিষ্ঠা কৰা হৈছিল বিদ্যালয়খন ৷ গুণোৎসৱৰ তৃতীয়টো দিনত শিৱসাগৰলৈ শিক্ষকৰ ৰূপত অহা ডিজিপিগৰাকীয়ে বিদ্যালয়খনক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ তদুপৰি গুণগত মান নিৰূপণৰ বাবে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গুণোৎসৱৰ দৰে লোৱা পদক্ষেপৰ শলাগ লয় ৷
Comments