গুৱাহাটী, ২৫ মেঃ বুধবাৰে জম্মু-কাশ্মীৰৰ বাৰামুলাত আৰক্ষী-উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জৈশ-ই-মহম্মদ গোটৰ (জেইএম) তিনিজন উগ্ৰপন্থী নিহত হয়।
বাৰামুলাৰ ক্ৰেৰী অঞ্চলৰ নাজিভাট ক্ৰছিংত হোৱা এই সংঘৰ্ষৰ সময়ত, এজন আৰক্ষীয়েও প্ৰাণ হেৰুৱাব লগা হয়।
ইপিনে, সেনা বাহিনীয়ে উগ্ৰপন্থী দলটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিষ্ফোৰক সামগ্রী আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।
ঘটনা সন্দৰ্ভত কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে জানিবলৈ দিয়ে যে, "চলিত বৰ্ষত বৰ্তমানলৈকে প্ৰায় ২২ জন পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে।
শেহতীয়াকৈ, আমি জৈশ-ই-মহম্মদ গোটৰ তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰিছো। তেওঁলোক যোৱা ৩-৪ মাহ ধৰি এই ক্ষেত্ৰত সক্ৰিয় হৈ আছিল আৰু আমি তেওঁলোকক অনুসৰণ কৰি আছিলো। এই বছৰলৈকে, আমি ২২ জন পাকিস্তানী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰিছোঁ।"
Comments