দিছপুৰ, ২৫ মে': ৰাজ্যৰ চাহ বাগিচা এলেকাসমূহত শিক্ষাৰ সোণালী যুগৰ সূচনাৰ পথ প্ৰশস্ত কৰি অসম চৰকাৰে জিলাই জিলাই বিভিন্ন চাহ বাগিচাত প্ৰথমবাৰলৈ নিৰ্মাণ কৰি উলিয়াইছে ৯৬খন হাইস্কুল। নগাঁও জিলাৰ চাহ বাগিচা এলেকাত চাহ-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মাণ কৰা চাৰিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আজি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক শুভ উদ্বোধন কৰে।
জিলাই জিলাই মুখ্যমন্ত্ৰী, মন্ত্ৰীসভাৰ সদস্যবৰ্গ, সাংসদ-বিধায়কৰ উপস্থিতিত এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ শুভাৰম্ভণিৰ ৰাজ্য জোৰা কাৰ্যসূচীৰ অংশ হিচাপে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে পুৱাৰে পৰা বিয়লিলৈকে নগাঁও জিলাৰ বঢ়মপুৰ আৰু কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা চাহ বাগিচা এলেকালৈ গৈ এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়কেইখন উদ্বোধন কৰে। মন্ত্ৰী মহন্তই আগবেলা প্ৰথমে বঢ়মপুৰৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অৰ্ন্তগত শগুনবাহী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন মুকলি কৰে।
প্ৰথম বছৰতে ষষ্ঠমান শ্ৰেণীৰ পৰা নবম শ্ৰেণীলৈকে ১৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা বিদ্যালয়খনত ৮ গৰাকী শিক্ষকক ইতিমধ্যে নিযুক্তি দিয়া হৈছে। বিদ্যালয়খনৰ উদ্বোধনী অনুষ্ঠানত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিবড়ে, বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃণাল কুমাৰ নাথ, বিদ্যালয়ৰ প্ৰধান শিক্ষক উজ্বল শইকীয়া, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা কন্দলি চাহ বাগিচাৰ মুখ্য পৰিচালক দিগন্ত ৰাজখোৱা, ভাৰতীয় চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি ভোলা মাঝি, অগপৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিৰঞ্জন বৰাৰ লগতে শিক্ষাখণ্ডৰ অৰ্ন্তগত মণ্ডল সমন্বয়ক, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু ভালে সংখ্যক স্থানীয় লোকো উপস্থিত থাকে।
ইয়াৰ পাছতে মন্ত্ৰী মহন্তই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণা শালনা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কেলিডেন চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডিজুভেলী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। তিনিওখন বিদ্যালয় চৌহদত পৃথকে আয়োজিত উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ উপায়ুক্ত হিবড়েৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, নগাঁও সংমণ্ডলৰ বিদ্যালয় পৰিদৰ্শক, বিদ্যালয় কেইখনৰ অধ্যক্ষ, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা বাগিচাসমূহৰ পৰিচালক সকল, স্থানীয় শিক্ষাবিদ, ভাৰতীয় চাহ মজদুৰ সংঘকে ধৰি চাহজনগোষ্ঠীয় সংগঠনসমূহৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
বিদ্যালয়কেইখন উদ্বোধন কৰি দিয়া ভাষণত স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা-পৰিকল্পনাৰ আধাৰত চাহবাগিচা এলেকাত অসম চৰকাৰে প্ৰথমবাৰলৈ নিৰ্মাণ কৰা এই আদৰ্শ বিদ্যালয়সমূহে ৰাজ্যখনৰ শৈক্ষিক খণ্ডলৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই অনাৰ লগতে অসমৰ চাহ জনগোষ্ঠীৰ শৈক্ষিক, আৰ্থ-সামাজিক উত্তৰণ ক্ষিপ্ৰ আৰু সুনিশ্চিত কৰিব। চাহ বাগিচা এলেকাত নিৰ্মাণ কৰা এনে প্ৰতিখন আদৰ্শ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়ন তথা আনুষংগিক কাম-কাজৰ বাবে অসম চৰকাৰে ৫০ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তদুপৰি, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত এই বিদ্যালয় কেইখনক পৰৱৰ্তী পৰ্যায়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈও উন্নীতকৰণৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে।
Comments