যোৰহাট, ২৫ মে' : অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে আজি যোৰহাটৰ ৬ খন চাহ বাগিছা এলেকাত নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে৷
মন্ত্ৰীগৰাকীয়ে মুৰমুৰীয়া চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, চৰাইপানী চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, চৈকটা চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কাঠনিবাৰী চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়,নাগিনীজান চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰাজৈ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে৷
অভিভাৱক মন্ত্ৰীগৰাকীয়ে চৈকটা চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত মুকলি সভাত ভাষণ প্ৰদান কৰি কয় যে চৰকাৰে চাহ বাগিছা অদ্যোষিত অঞ্চল সমূহত চাহ জনগোষ্ঠিৰ উঠি অহা প্ৰজন্মৰ বাবে হাতত লোৱা কামকাজৰ ভিতৰত চাহ বাগিছাত আদৰ্শ বিদ্যালয় স্থাপন কৰাটো এটা উল্লেখনীয় পদক্ষেপ ৷
চৰকাৰে প্ৰদান কৰা সা-সুবিধা সমূহ গ্ৰহণ কৰি বৰ্তমানৰ প্ৰতিযোগিতাৰ যোগত ছাত্ৰ ছাত্ৰীসকলক মনপুতি পঢ়াশুনা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকি চৰকাৰে ৰাজ্যখনৰ চাহ বাগিছাসমূহত শিক্ষাৰ প্ৰসাৰ আৰু মানদণ্ড উন্নত কৰিবলৈ আদৰ্শ বিদ্যালয় স্থাপন কৰি লাখ লাখ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিবলৈ সক্ষম হৈছে বুলি অবগত কৰে৷সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোৱঁৰকে ধৰি অন্যান্যসকল উপস্হিত থাকে ৷
Comments