তিনিচুকীয়া, ২৫ মে': তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা তিনিচুকীয়াৰ বৰগুৰি হাইস্কুল খেলপথাৰৰ মাটিবৰ বৰসেনাপতি ক্ষেত্ৰত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ কাৰ্যসূচী অব্যাহত আছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত আয়োজিত দিৱসৰ আজিৰ কাৰ্যসূচী অনুসৰি আজি পতাকা উত্তোলন কৰে মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ সভাপতিসকলে আৰু অভ্যর্থনা সমিতিৰ সভাপতি-কাৰ্যকৰী সভাপতি সকলে।
স্মৃতি তৰ্পণ মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ সম্পাদক সকল আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদকমণ্ডলীয়ে কৰে। ইয়াৰ পিছতে মটক সকলৰ ইতিহাস বিজড়িত আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আপুৰুগীয়া সম্পদৰ এক নিদৰ্শনৰ বাবে প্ৰদৰ্শনীৰ ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে, মটক জনগোষ্ঠীয় গছতলৰ বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰা হয়। দিৱস উপলক্ষে তিনিচুকীয়া নগৰত এক বৰ্ণাঢ্য
সাংস্কৃতিক শোভাযাত্রা বাহিৰ কৰে৷
বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰাৰ উপৰিও জেংবিহু, হুঁচৰি আদি বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শনৰে এক বাৰেৰহনীয়ে শোভাযাত্ৰা বাহিৰ কৰা হয়। সাংস্কৃতিক শোভাযাত্রাৰ শুভাৰম্ভ তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পাৱাৰে কৰে। ইপিনে, মুকলি সভাত উপস্থিত থাকিব নোৱাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ তিৰুভাৱ তিথি উপলক্ষে প্ৰেৰণ কৰা এক পত্ৰ সাংস্কৃতিক বিভাগৰ সচিব দেৱজিৎ খনিকৰে পাঠ কৰে ।
মুকলি সভাত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই, সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই, মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়া, সদৌ মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, অভ্যৰ্থনা সমিতিৰ সভাপতি সৰোজ গোহাঁই, কাৰ্যকৰী সভাপতি মৃদুল ৰাজখোৱা, মুখ্য সম্পাদক ধৰণী গোহাঁই, আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়া, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি নৱ মৰাণ, সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোঁহাই, সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, সদৌ অসম মটক ছাত্র সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, সাধাৰণ সম্পাদক সুলভজ্যোতি শইকীয়া, সদৌ অসম মটক যুৱ ছাত্র পৰিষদৰ সত্য গোঁহাই, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা , সদৌ অসম মটক মহিলা পৰিষদৰ , মটক ৰাজবংশ উন্নয়ন সমিতি লগতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত আছিল।
কালি তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰীস্থিত নামঘৰত পুৱাৰে পৰা ভকত সকলে গায়ন-বায়ন,স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰাৰ লগতে তিনিকোণীয়া পুখুৰী পৰা গুইজানলৈ বিশাল মটৰচাইকেল ৰেলিৰে মটক জনগোষ্ঠীৰ কৃতি চিহ্ন সমূহ পৰিভ্ৰমণ কৰে। বিয়লি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অংশ গ্ৰহণ কৰি ৰজা জনাক শ্ৰদ্ধা নিবেদন কৰে।
Comments