উত্তৰ গুৱাহাটী ঃ নিজা বাতৰি দিওঁতা, ২৫ মে’ ঃ ‘পৌৰাণিক কালত নাৰদ মুনি উদ্ধৱ, সঞ্জয়, বেদনিধি, ব্যাসদেৱ আদিয়ে এখন নিকা আৰু উন্নয়নমুখী সমাজ প্ৰতিষ্ঠাৰ বাবে স্বৰ্গ-মৰ্ত্যত যি সত্যনিষ্ঠ সাংবাদিকতাৰ ধাৰা প্ৰৱৰ্তন কৰিছিল, তাৰে সময় উপযোগী পৰিৱৰ্তিত ৰূপটোৱে হৈছে সাংবাদিকতা৷’– এই মন্তব্য সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীৰ৷
আজি নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ’ৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰস্পেচিলিয়েটি হস্পিটেলৰ সহযোগত আয়োজিত সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা আউনীআটী সত্ৰৰ অধিকাৰ দেৱ গোস্বামীয়ে পুনৰ কয় যে সমাজক আগুৱাই নিয়াত সাংবাদিকসকলে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷
উত্তৰ গুৱাহাটীস্থিত দেৱগোস্বামীয়ে আউনীআটী সত্ৰৰ ঐতিহ্য ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২ গ্ৰহণ কৰি নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক বিশিষ্ট সাংবাদিক নৰেশ কলিতাই কয় যে সাংবাদিকতা বৃত্তিত পদে পদে প্ৰত্যাহ্বান থাকে, নিজৰ নিৰাপত্তাক লৈ কেতিয়াবা শংকাও থাকে৷
তাৰ মাজতো বঁটা প্ৰাপ্তিয়ে সমাজৰ প্ৰতি অধিক দায়বদ্ধ হ’বলৈ উৎসাহ-অনুপ্ৰেৰণা যোগায়৷ ফ’ৰামৰ মুখ্য উপদেষ্টা বাণীকান্ত চক্ৰৱত¹ৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামীলৈ আগবঢ়োৱা হয় বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা-২০২২৷
বটা গ্ৰহণ কৰি সাংবাদিক গোস্বামীয়ে তেওঁৰ সাংবাদিক জীৱনত ঘটা অতিকৈ সংঘাত আৰু সংগ্ৰামৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে নৈতিকতা আৰু নিষ্ঠাৰে সমাজৰ হকে কাম কৰিলে ইয়াৰ ফল অতি মধুৰ হয়৷ একেটা অনুষ্ঠানতে প্ৰাগ নিউজৰ কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ আগবঢ়োৱা হয় বিশিষ্ট সমাজকৰ্মী ভুৱন চন্দ্ৰ দত্ত সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা-২০২২৷
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান ফটিক দত্ত গোস্বামীয়ে ভাষণত কয় যে নিষ্ঠা, সততা আৰু সাহসিকতাৰে সংবাদ সেৱা কৰা বিশ্বৰ বহু বৰেণ্য সাংবাদিকে বিশ্বজোৰা সুখ্যাতি আৰু সমৰ্থন লাভ কৰিছে৷
সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমণি চৌধুৰী আৰু সহযোগী শিল্পী দলে ড॰ ভূপেন হাজৰিকাৰ এটি গীতেৰে শুভাৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰ্থ গুৱাহাটী ফ’ৰামৰ সম্পাদক কৌশিক দাসে৷
জিলা জনসংযোগ বিষয়া মঞ্জুৰাণী চহৰীয়াই পৰিচালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত নৰেশ কলিতালৈ আগঢ়োৱা ৰমেশ চন্দ্ৰ নাথ সাংবাদিকতা বঁটাত মানপত্ৰ, গামোচা, জাপি, চেলেং আৰু স্মাৰকৰ লগতে নগদ ধন আগবঢ়োৱা হয়৷ আনহাতে কিশোৰ গোস্বামী আৰু ধ্ৰুৱজ্যোতি সাহালৈ আগবঢ়োৱা যুৱ সাংবাদিকতা বঁটাত মানপত্ৰ, গামোচা, জাপি, চেলেং আৰু স্মাৰক প্ৰদান কৰা হয়৷
অনুষ্ঠানত কবিতা পাঠ কৰে কমল বৰাই৷ বঁটা প্ৰদান অনুষ্ঠানত বিশেষভাৱে সহযোগ আগবঢ়ায় ফ’ৰামৰ উপদেষ্টা মুনিন ডেকা, অতনু গোস্বামী, সভাপতি ৰঞ্জন দত্ত, সাংগঠনিক সম্পাদক উৎপল ৰঞ্জন মেধি, সহঃ সম্পাদক নিতোপম মেধি আৰু সদস্য সুমন শৰ্মাই৷ দাতা পৰিয়ালৰ লগতে অঞ্চলটোৰ প্ৰায় শতাধিক ব্যক্তি উপস্থিত থকা বটা প্ৰদান অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ফ’ৰামৰ কাৰ্যকৰী সভাপতি ৰাজকমল চাংকাকতীয়ে৷
Comments