গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ মে’ ঃ নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফাৰ ওচৰত ক্ষমা বিচাৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণ দৰ্শোৱা জাননীৰ সন্মুখীন হ’ল ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ৷ কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে আলফাৰ ওচৰত ক্ষমা খুজিব লগা হ’ল, সেই বিষয়ে এতিয়া মুখ্যমন্ত্ৰীক বিতংভাৱে জনাব লাগিব৷
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ইতিমধ্যে মন্ত্ৰী কিষাণলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে আলফা সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যক লৈ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মন্ত্ৰী কিষাণক ক্ষমা খুজিবৰ বাবে ৪৮ ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিছিল৷
কিন্তু নিৰ্ধাৰিত সময় অন্ত পৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে মন্ত্ৰী কিষাণে পৰেশ বৰুৱাক উদ্দেশ্যি ক্ষমা বিচাৰিছিল৷ পৰেশ বৰুৱাৰ অন্তৰত আঘাত দিয়াৰ কোনো ইচ্ছা নথকাৰ কথা কৈ অজানিত ভুলৰ বাবে দুখ অনুভৱ কৰি ক্ষমা বিচাৰিছিল৷ মন্ত্ৰী কিষাণে ক্ষমা খোজাৰো কিছুদিন হ’ল যদিও এতিয়াহে সমগ্ৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে৷
ভাৰতীয় সংবিধানৰ নামত শপত লোৱা এজন জনপ্ৰতিনিধিয়ে অসমক ভাৰতৰ পৰা পৃথক কৰাৰ দাবীত আন্দোলন অব্যাহত ৰখা এটা নিষিদ্ধ সংগঠনৰ নেতৃত্বৰ ওচৰত কিয় ক্ষমা বিচাৰিলে, তাক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছিল৷ কিন্তু বিষয়টো সিমানতেই তল পৰিব বুলি বহুতে ভাবিছিল যদিও শেহতীয়াকৈ মন্ত্ৰী কিষাণৰ এই কৰ্মকাণ্ডত ক্ষুণ্ণ হৈছে মুখ্যমন্ত্ৰী৷
সেয়ে কেবিনেট সতীৰ্থ হোৱাৰ পাছতো আলফাৰ ওচৰত ক্ষমা বিচৰাৰ উত্তৰ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এই পত্ৰৰ সন্দৰ্ভত মন্ত্ৰী কিষাণে কি উত্তৰ দিয়ে, সেয়া লক্ষণীয় হ’ব৷ অৱশ্যে এই মুহূৰ্তত তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত জ্ঞাত নহয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ বাহিৰে আন কোনো মন্তব্য দিয়া নাই৷
মুখ্যমন্ত্ৰীৰ কাৰণ দৰ্শোৱা জাননীয়ে পৰৱৰ্তী দিনত মন্ত্ৰী কিষাণৰ ৰাজনৈতিক জীৱনত ক্ষতি কৰাৰ সম্ভাৱনা আছে৷ ভৱিষ্যতলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’লে এনেবোৰ কাৰণত মন্ত্ৰী কিষাণে মন্ত্ৰিত্ব হেৰুৱাবও পাৰে৷
Comments