ৰাজকোট, ২৮ মে’ ঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে যোৱা আঠ বছৰ তেওঁৰ চৰকাৰে মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলে দেখা সপোনৰ ভাৰতখন নিৰ্মাণৰ এক সৎ প্ৰয়াস কৰিছে৷ তেওঁ আৰু কয় যে তেওঁৰ চৰকাৰে এই সময়ছোৱাত দুখীয়াসকলৰ মৰ্যাদা সুৰক্ষিত কৰাৰ বাবে কাম কৰিছে৷
যোৱা মে’ত প্ৰধানমন্ত্ৰীৰূপে আঠ বছৰ সম্পূৰ্ণ কৰা মোদীয়ে আৰু কয় যে তেওঁ দেশৰ সেৱাৰ ক্ষেত্ৰত কোনো প্ৰচেষ্টাই বাদ দিয়া নাই আৰু এনে কাম কৰা নাই– যাৰ বাবে দেশবাসীয়ে লাজত মুখ লুকুৱাবলগীয়া হৈছে৷ গুজৰাটৰ ৰাজকোট জিলাৰ আটকোট নগৰত এখন স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰি মোদীয়ে এইদৰে কয়৷
তেওঁ কয়– ‘মহাত্মা গান্ধীয়ে এনে এখন ভাৰত বিচাৰিছিল– য’ত দুখীয়া, দলিত, আদিবাসী আৰু মহিলাসকলক সবলীকৰণ কৰা হয়; য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য হৈছে জীৱনৰ অংগ; য’ত অৰ্থনীতি স্বদেশী [স্থানীয়] সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল৷’
তেওঁ আৰু কয় যে যোৱা আঠ বছৰত তেওঁৰ চৰকাৰে ১০ কোটি পৰিয়ালক মুকলিত মলত্যাগৰ অপযশৰ পৰা ৰক্ষা কৰিছে [পায়খানা নিৰ্মাণ কৰি], ধোঁৱাৰ বেয়া প্ৰভাৱৰ পৰা জ্ঝ কোটি মহিলাক ৰক্ষা কৰিছে [এল পি জি সংযোগ দি]; বিজেপি চৰকাৰে আঠ বছৰত ২.প্ত কোটি পৰিয়ালক বিদ্যুতৰ আৰু ৬ কোটি পৰিয়ালক টেপৰ পানী দিছে; আনহাতে ৫০ কোটিতকৈ অধিক পৰিয়ালক বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে [পি এম জে এ ৱাই বীমা আঁচনিৰ যোগেদি]৷
মোদীয়ে আৰু কয় যে কভিড মহামাৰী আৰম্ভ হোৱাৰ পাছত বিজেপি চৰকাৰে দেশৰ দুখীয়া লোকসকলক খাদ্য-শস্যৰ যোগান ধৰাৰ উপৰি মহিলাসকলৰ জনধন বেংক একাউণ্টত নগদ ধন দিছিল৷
তদুপৰি প্ৰতিজন নাগৰিকক ভেকচিন দিছিল৷ মোদীয়ে আৰু কয় যে হিতাধিকাৰীয়ে আঁচনিসমূহৰ এশ শতাংশ উপকাৰ লাভ কৰা নিশ্চিত কৰাটো তেওঁৰ চৰকাৰৰ লক্ষ্য৷ আনহাতে নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে জনায় যে দলটোৱে অহা ৩০ মে’ৰ পৰা ১৪ জুনলৈ দেশজুৰি মোদী চৰকাৰৰ অষ্টম বাৰ্ষিকী উদ্যাপন কৰা হ’ব৷ সেৱা, সুপ্ৰশাসন আৰু দৰিদ্ৰৰ কল্যাণ বিষয়ত দলটোৱে ৰাজহুৱা সভাৰ আহবান কৰিব৷
ইফালে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে শনিবাৰে কয় যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অষ্টম বাৰ্ষিকী উপলক্ষে অহা মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছিমলাৰ ৰিজ ময়দানত এখন সমাৱেশত অংশগ্ৰহণ কৰাৰ উপৰি দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰ্চুৱেলী মিলিত হ’ব৷
Comments