গুৱাহাটী,২৮ মে’: দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ উত্তৰ-পূবৰ বিকাশৰ গতি ক্ষিপ্ৰ কৰাৰ স্বাৰ্থত আমি চুবুৰীয়া ৰাষ্ট্ৰ বালাংদেশ, ম্যানমাৰ আৰু ভূটানৰ সৈতে সমিলমিলেৰে আগবাঢ়িব লাগিব৷ এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এছ জয়শংকৰৰ৷
দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আজিৰ পৰা অনুষ্ঠিত এছিয়ান কনফ্লুয়েন্স ৰিভাৰ কনক্লেভ-২০২২ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে প্ৰাকৃতিক সম্পদৰ লগতে পৰ্যটন, চহকী কলা-সংস্কৃতিৰে ভৰপূৰ অঞ্চল হৈছে উত্তৰ-পূৰ্বাঞ্চল৷
দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে এক সু-সম্পৰ্ক গঢ়ি তুলিব পাৰিলেই উত্তৰ-পূবৰ বিকাশৰ গতি ক্ষিপ্ৰ হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মোদী চৰকাৰে এক্ট ইষ্ট পলিচীৰ ৰূপায়ণত সৰ্বাধিক গুৰুত্ব দিছে৷
ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত িবশ্ব শৰ্মাই কয় যে লুইতৰ পাৰত নেচাৰেল এলাইছ ইন ডেভেলপমেণ্ট এণ্ড ইণ্টাৰডিপেনণ্ডেণ্টছ [নদী-৩]ৰ এই সন্মিলন আয়োজন কৰাটো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা৷ ইয়াৰ ফলত উত্তৰ-পূবৰ লগতে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহ লাভৱান হ’ব৷
নদী কনক্লেভে আমাৰ উন্নয়নমুখী ধাৰণাসমূহৰ ভাগ-বতৰাৰে অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু নদীপথ সংযোগক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সমন্বয়ক হিচাপে কাম কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷
আনহাতে, অসমক নদী পৰ্যটনৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰি ব্যৱসায়-বাণিজ্য আৰম্ভ কৰিব পাৰিলেই অঞ্চলটোৰ উন্নয়নৰ গতি ক্ষিপ্ৰ হ’ব৷
ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দক্ষিণ-পূব এছিয়াৰ সৈতে অসমৰ থকা পুৰণি সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে মোদী চৰকাৰে দক্ষিণ-পূব এছিয়াত উত্তৰ পূৰ্বাঞ্চলক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব খুজিছে যাতে উত্তৰ-পূব দক্ষিণ-পূব এছিয়াৰ হাব হৈ পৰে৷
অঞ্চলটোৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৈদেশিক নীতিও সলনি কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আমি চুবুৰীয়া ৰাষ্ট্ৰসমূহক লগত লৈ একেলগে আগবঢ়িব লাগিব তেতিয়াহে আমাৰ উন্নয়নৰ গতি দ্ৰুত হ’ব৷ দক্ষিণ-পূব এছিয়াৰ সামুদ্ৰিক সম্পদক পৰিৱেশ অনুকূল নীল অৰ্থনীতি হিচাপে ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে কয় যে জলশক্তিক উচিত ব্যৱহাৰ কৰিব পৰিলেই দ্ৰুতগতিত উন্নয়ন হ’ব৷
অনুষ্ঠানত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড॰ এ কে আব্দুল মোমেনে চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি কয় যে জল পৰিবহণৰ জৰিয়তে উত্তৰ-পূবৰ লগতে ভূটানৰ সামগ্ৰীও বিদেশলৈ প্ৰেৰণ কৰিব পাৰে৷
এইক্ষেত্ৰত বাংলাদেশে সহায় কৰিব৷ ভাৰত, বাংলাদেশ, ম্যানমাৰ আৰু ভূটান একত্ৰিত হৈ কাম কৰাটোত তেওঁ গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত ভাৰতত থকা বাংলাদেশ, ভূটান, ছিংগাপুৰ, ভিয়েটনাম, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত উপস্থিত আছিল৷
Comments