গুৱাহাটী,২৮ মে':য়াছিন মালিকৰ যাৱজ্জীৱন কাৰাদণ্ড ঘোষণাৰ পিছতেই ভাৰত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো-অপাৰেচন(অ' আই চি)। তেওঁলোকে কয়, "ভাৰত চৰকাৰে য়াছিন মালিকৰ বিৰুদ্ধে আৰোপ কৰা সকলোবোৰ গোচৰ ভুৱা আৰু মনেসজা ৷ মালিকক অমানৱীয় পৰিস্থিতিত বন্দী কৰি ৰখা হৈছে, এইয়া কাশ্মীৰী মুছলমানসকলৰ প্ৰণালীবদ্ধ ভাৰতীয় পক্ষপাতিত্ব আৰু অত্যাচাৰৰ প্ৰতিফলন। নিৰীহ কাশ্মীৰীসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ এনে ধৰণৰ কাৰ্যৰ উদ্দেশ্য হৈছে কাশ্মীৰীসকলক তেওঁলোকৰ আত্মনিৰ্ধাৰণৰ বৈধ অধিকাৰ অস্বীকাৰ কৰা৷ ই কেৱল ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰহসনইই নহয়, গণতন্ত্ৰৰ দাবীও উন্মোচিত কৰে ৷"
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক দেশদ্ৰোহৰ গোচৰত ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছত সংগঠনটোৱে টুইটাৰত এক পোষ্ট শ্বেয়াৰ কৰে ৷ এই পোষ্টটোত কোৱা হয় যে, "ইছলামিক সহযোগিতা সংগঠন (অ' আই চি) ৰ সাধাৰণ সচিবালয়ে বহু দশক ধৰি শান্তিপূৰ্ণ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দি অহা কাশ্মীৰী নেতা য়াছিন মালিকৰ বাবে আজীৱন কাৰাদণ্ড বিহাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷"
এই টুইটৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে কেন্দ্ৰীয় চৰকাৰ ৷এই বিষয়টোৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "য়াছিন মালিকৰ ক্ষেত্ৰত ভাৰতক সমালোচনা কৰি অ' আই চিয়ে কৰা মন্তব্য গ্ৰহণযোগ্য নহয় ।"তেওঁ লগতে কয় যে, এই মন্তব্যৰ জৰিয়তে অ' আই চি-আই পি এইচ আৰ চিয়ে য়াছিন মালিকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি স্পষ্টভাৱে সমৰ্থন কৰিছে ৷ বিশ্বই সন্ত্ৰাসবাদ শূণ্য সহনশীলতা বিচাৰে আৰু আমি অ' আই চিক ইয়াক কোনো ধৰণে ন্যায়সঙ্গত নকৰিবলৈ অনুৰোধ জনাইছো ৷"
Comments