গুৱাহাটী,২৮ মে':শনিবাৰে নলবাৰীত মাৰোৱাৰী যুৱ মঞ্চৰ নলবাৰী শাখাৰ উদ্যোগত আয়োজিত এক সভাত উপস্থিত থাকি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷
‘হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত গঠন হৈছে ৰাজ্যৰ চৰকাৰ ৷ আমি ৰাইজৰ সেৱা কৰি যাম ৷ অৱশ্যে আমি কংগ্ৰেছ দল থকাটো বিচাৰো’’ ৷
উল্লেখ্য যে, শনিবাৰে মাৰোৱাৰী যুৱ মঞ্চৰ নলবাৰী শাখাৰ উদ্যোগত আয়োজন কৰা হয় কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণৰ এক শিবিৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদ দল ত্যাগ কৰা সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷
লগতে সাংবাদিকে চিত্তৰঞ্জন বসুমতাৰীৰ দলত্যাগ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত সেয়া অজাপ দলৰ আভ্যন্তৰীন বিষয় বুলিহে মন্তব্য কৰে বিজেপিৰ সভাপতিগৰাকীয়ে । আনহাতে, শিখা শৰ্মাই বিজেপি চৰকাৰ ক্ৰুৰ সমালোচনা কৰি অহা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে শিখা শৰ্মা বা তৃণমূল কংগ্ৰেছ বিজেপিৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে। শিখা শৰ্মাক ধুবুৰী, মানকাছাৰ, দক্ষিন শালমাৰাৰ পমুৱা মুছলমানৰ এলেকাত ঘূৰি থাকিবলৈহে নিৰ্দেশ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
Comments