চেলেংহাট ২৮মে’: মৰিয়নি নগৰত আজি পুৱাই সংঘটিত হয় এক শোকাবহ ঘটনা। পানী টেংকী গাত পৰি এগৰাকী বিবাহিত মহিলাই কৰুণ মৃত্যুক আকোৱালি লয়। মৰিয়নি নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ বাসিন্দা উত্তম ভৌমিকৰ পত্নী পূৰবী দাসে ঘৰৰ পিছফালে গা ধুই থকা অৱস্থাত চুবুৰীয়া প্ৰদীপ দাস নামৰ লোকজনৰ চৌহদত পানী মজুত কৰি থোৱা ছিনটেক্স সহ লোহাৰ ষ্টেণ্ড ডাল মহিলা গৰাকীৰ গাত বাগৰি পৰে।পানী ভৰ্তি ছিনটেক্স আৰু লোহাৰ ষ্টেণ্ড ডালে মহিলা গৰাকীকক হেঁচা মাৰি ধৰাত গুৰুত্ব ভাৱে আহত হয়।
আনহাতে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰ ভাৱে আহত মহিলাগৰাকীক উদ্ধাৰ কৰি স্থানীয় মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে প্ৰায় ২০ ফুট উচ্চতাৰ লোহাৰ ষ্টেণ্ড ডালৰ খুটা চাৰিটা সঠিক ভাৱে স্থাপন নকৰা বাবেই উভাল খাই শোকাবহ ঘটনাটো সংঘটিত হয়।অকাল মৃত্যুক সাৱটি লোৱা ২৮ বৰ্ষীয় পূৰৱী দাস নামৰ মহিলা গৰাকী নমহীয়া এটি কেচুৱাৰ মাতৃ আছিল।ঘটনাটোৱে মৰিয়নি নগৰত শোকৰ ছাঁ পেলাইছে।
Comments