গুৱাহাটী,২৮ মে':কাৰ্তিক আৰিয়ান, কিয়াৰা আদৱানী অভিনীত ‘ভুল ভুলাইয়া-২’য়ে বক্স অফিচত যথেষ্ট ভাল ব্যৱসায় কৰিছে । ব্যৱসায়িক পৰিসংখ্যা অনুসৰি, এই ছবিখনে এসপ্তাহত ১০০ কোটি টকাৰ ব্যৱসায় কৰিছে।কাৰ্তিকৰ অভিনয়ো দৰ্শকে ভাল পাইছে ।ছবিখন ২০২০ চনৰ ৩১ জুলাইত মুক্তি পোৱাৰ কথা আছিল। কিন্তু কৰ’না পৰিস্থিতিৰ বাবে, শ্বুটিং স্থগিত হৈ পৰিছিল। তাৰ পাছত পুনৰ শ্বুটিং সম্পূৰ্ণ কৰি ছবিখন ২০মে’ত মুক্তি দিয়া হয়।এই ছবিখনৰ সফলতা দেখি ভূষণ কুমাৰ আৰু মুৰাদ খেতানি চলচ্চিত্ৰখনৰ প্ৰযোজকসকলে ‘ভুল ভুলাইয়া’ৰ আন এটা চিকুৱেল কৰাৰ পৰিকল্পনা কৰিছে । প্ৰযোজক প্ৰতিষ্ঠানটোৱে ইতিমধ্যে ‘ভুল ভুলাইয়া’ ৩ ৰ চিত্ৰনাট্য বিচাৰিবলৈ আৰম্ভ কৰিছে।
কিন্তু কেৱল ভুল ভুলাইয়া চলচ্চিত্ৰৰ চিকুৱেলে নহয়। তথ্য অনুসৰি, শ্বাহিদ কাপুৰ অভিনীত কবীৰ সিঙৰ চিকুৱেলৰ নিৰ্মাণৰ পৰিকল্পনাও চলি আছে।এক সাক্ষাৎকাৰত ভূষণ কুমাৰে জনাই, অতি শীঘ্ৰেই কবীৰ সিঙৰ চিকুৱেল আহি আছে। কিন্তু প্ৰযোজকৰ সংস্থাই এতিয়াও স্পষ্ট কৰিব পৰা নাই যে এই চলচ্চিত্ৰসমূহত কোনে অভিনয় কৰিব।
Comments