Classifieds
View All
গুৱাহাটী, ২৮ মেঃ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকা কল্পনা কুমাৰী দাসৰ দুখনকৈ গ্ৰন্থ ক্ৰমে 'নপামৰ তীৰ্থ' (প্ৰবন্ধ) আৰু 'পৰ্বতগড়ৰ প্ৰজন্ম' (উপন্যাস) উন্মোচন কৰা হয়।
এই গ্ৰন্থ উন্মোচনী সভাত 'নপামৰ তীৰ্থ' নামৰ প্ৰবন্ধ গ্ৰন্থখন প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড° দয়ানন্দ পাঠকে উন্মোচন কৰে। লগতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড° দীপ্তি ফুকন পাটগিৰিয়ে 'পৰ্বতগড়ৰ প্ৰজন্ম' নামৰ উপন্যাস খন উন্মোচন কৰে।
জ্ঞানমালিনী প্ৰকাশন, মিৰ্জাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ দুখনৰ এই উন্মোচনী সভাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° উমেশ ডেকাই সভাপতিত্ব কৰে।
Comments