Classifieds
View All
গুৱাহাটী, ২৮ মেঃপৰেশ বৰুৱাক ক্ষমা খুজি বিপদত পৰিল মন্ত্ৰী সঞ্জয় কিষাণ।আলফা(স্বা)ক ক্ষমা খোজা সন্দৰ্ভত মন্ত্ৰী সঞ্জয় কিষাণলৈ কাৰণ দৰ্শোৱাৰ জাননী।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছে এই কাৰণ দৰ্শোৱাৰ জাননী।
সঞ্জয় কিষাণ আলফাৰ ওচৰত নতজানু হোৱাত ক্ষুব্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।কি পৰিস্থিতিত মন্ত্ৰী সঞ্জয় কিষাণে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব।উল্লেখযোগ্য যে,পৰেশ বৰুৱাক সমালোচনা কৰিছিল মন্ত্ৰী সঞ্জয় কিষাণে।
ইয়াৰ পিছতেই পৰেশ বৰুৱাই মন্ত্ৰী সঞ্জয় কিষাণক উভতি ধৰি ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ হুংকাৰ দিছিল।ইয়াৰ পিছত মন্ত্ৰী সঞ্জয় কিষাণে পৰেশ বৰুৱাক ক্ষমা বিচাৰিছিল।
Comments