গুৱাহাটী, ২৮ মেঃসময়ৰ নিষ্ঠুৰ আঘাতত ক্ষতবিক্ষত হৈ আজি এক দুৰ্বিসহ জীৱন কটাইছে আশীৰ দশকৰ এজন প্ৰতিভাধৰ ফটোগ্ৰাফাৰ বিদ্যুৎ মণি কলিতা।আপদালৰ অভাৱত এটি প্ৰতিভাৰ অকাল মৃত্যু।এসময়ত একমাত্ৰ এখন ফটোৱে খলকনিৰ সৃষ্টি কৰা বিদ্যৎমণিৰ খবৰ লবলৈ এতিয়া কাৰোৱেই আহৰি নাই।এই বিদ্যুতৰ খবৰ এদিন কোনে লোৱা নাছিল! তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,মহাপ্ৰতাপী মন্ত্ৰী দ্বীগেন চন্দ্ৰ বৰা,অসম আৰক্ষীৰ শীৰ্ষ বিষয়া,ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া আনকি কেন্দ্ৰীয় চোৰাংচোৱায়েও সঘন খবৰ লৈছিল বিদ্যুতৰ৷
দিছপুৰৰ পৰা বিদ্যুতৰ খবৰ লবলৈ দৌৰিছিল এম্বেচাডৰ৷আলফাৰ পৰা আৰম্ভ কৰি ছালফা সকলোৰে বিদ্যুত আছিল নয়নৰমণি৷অসম আৰক্ষীয়ে চকু ৰাখিছিল বিদ্যুৎ মণিৰ ওপৰত৷সংবাদপত্ৰৰ সম্পাদক, সম্পাদনা কক্ষৰ পৰা সঘনে ফোন গৈছিল বিদ্যুতৰ কাষলৈ।সকলোকে লাগে বিদ্যুতক৷অনবৰতে হাতত কেমেৰা লৈ ফুৰা বিদ্যুৎ মণিৰো সময় নাছিল৷সকলোকে সময় দিব লাগে৷দিনবোৰ বৰ ব্যস্ততাৰে পাৰ কৰিছিল বিদ্যুতে৷
কান্ধত ওলোমাই লোৱা এছ এল আৰটোত মাত্ৰ এটা ক্লিক৷বিদ্যুৎ মণিয়ে ডাবুল চাটাৰ ক্লিক নকৰে৷ এবাৰে চাটাৰ ক্লিক কৰে৷চাটাৰৰ এটা ক্লিকতে ৰাজ্যজুৰি হাহাকাৰ লগাই দিছিল বিদ্যুৎ মণিয়ে৷কঠিয়াতলিত শৰৎ সিংহৰ সভাত তদানীন্তন অগপ চৰকাৰৰ আৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰা ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা আলোকচিত্ৰখনৰেও তোলপাৰ লগাইছিল বিদ্যুতে।পিছে সেই বিদ্যুৎ মণি এতিয়া ক’ত আছে ,কেনে আছে ?
আজিৰ দিনত বিদ্যুৎ মণিৰ খবৰ লওঁতা কোনো নাই৷নগাঁও জিলাৰ ধিঙৰ আঠগাঁৱৰ উৰুখা পজাত বিদ্যুৎ মণিয়ে যুঁজিছে দেহৰ ব্যাধিক লৈ৷আজি শয্যাগত বিদ্যুৎ মণি৷৪৫বছৰ বয়সতে বিদ্যুৎ আজি আশী বছৰীয়া বৃদ্ধৰ দৰে হ'ল।দেহ -মন ঘূণীয়া হ'ল।চিনাকি লোকক মাতষাৰ দিবলৈ আজি দেহত শক্তি নাই৷দেহ আৰু সময়ক আওকান কৰি আগবঢ়া এসময়ৰ সুঠাম-ভবিষ্যত সম্ভাৱনাপন্ন যুবক বিদ্যুৎ মণিৰ খবৰ লওঁতা আজি কোনো নাই৷ধিঙৰ পৰা যাত্ৰ আৰম্ভ কৰি এদিন মধ্য অসমত ফটো সাংবাদিকতাৰ লগতে বিভিন্ন কাকতত ধিঙৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰি ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বিদ্যুৎ মণি কলিতা যেন সকলোৰে মানসপতৰ পাহৰনিৰ গৰ্ভত৷
এটি খবৰ পালে ,এটি ফোন পালে সময়-পৰিবেশ-বিষয়বস্তুক লৈ এছ এল আৰৰ চাটাৰত ক্লিক কৰি আশা কৰাৰ দৰে এখন ফটো দিব পৰা বিদ্যুৎ মণি কলিতা এতিয়া বৰ অকলশৰীয়া৷ৰোগগ্ৰস্ত দেহাটিৰ চিকিৎসাৰ বাবে এটি ঔষধ কিনাৰ সামৰ্থ নাই৷আছে মাথোন সংগী হৈ বিছনাখন৷নবৈ দশকত সংবাদক্ষেত্ৰখনত ফটো সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা বিদ্যুৎ মণি কলিতাক সু চিকিৎসাৰ অতিকে প্ৰয়োজন৷কিন্তু সহায় বিচাৰি মাতষাৰ দিবলৈ তেওঁৰ দেহত নাই শক্তি৷বৃদ্ধ পিতৃয়ে দিনটোৰ পৰিশ্ৰমেৰে চেষ্টা কৰিছে পুত্ৰক সুস্থ কৰিবলৈ৷ভাতৃয়ে শ্ৰম কৰি ককায়েকক সুস্থ কৰাৰ চেষ্টা কৰিছে৷
কিন্তু সামৰ্থ অনুসৰি যি পাৰে বৃদ্ধ পিতৃ, ভাতৃয়ে পৰিচৰ্যা কৰিছে যদিও দৰিদ্ৰতা হেঙাৰ হৈ দেখা দিছে।বিদ্যুতৰ চিকিৎসাৰ বাবে চৰকাৰ তথা জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে নগাঁও জিলা বাৰ্তাজীৱী সংঘই।নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদক ভাস্কৰজ্যোতি মেধিয়ে নৱৈ দশতে সাংবাদিকতা আৰম্ভ কৰা বিদ্যুৎ মণি কলিতাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।স্মৰ্তব্য যে, বিদ্যুৎ মণি কলিতা ধিং প্ৰেছ ক্লাবৰো প্ৰতিষ্ঠাৰ সৈতে জড়িত আছিল।
Comments