ডিমৌ,২৮মে':ডিব্ৰুগড় জিলাৰ লগতে উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে ভাল খবৰটো হ’ল ডিমৌৰ কাষৰীয়া ধেমেচীত মুকলি কৰা হৈছে এটা জৈৱিক চাহ কলঘৰ। উজনি অসমৰ ভিতৰতে এক মাত্ৰ এই চাহ কলঘৰটোৰ উৎপাদন কাৰ্য্যৰ শুকুৰবাৰে নিশা ৮বজাত শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ,লঘূ আৰু মধ্যম উদ্যোগ বিভাগৰ পুনৰ উজ্জীৱিত পৰম্পৰাগত উদ্যোগ আঁচনিৰ মুঠ ২.৫ কোটি টকাৰে নিৰ্মিত এই চাহ কলঘৰটোৰ উদ্ধোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সন্তোষ প্ৰকাশ কৰে আৰু উজনিৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। জৈৱিক চাহ খেতিয়ক ভবেন্দ্ৰ মোহন বৰগোহাঁইৰ প্ৰচেষ্টাত ধেমেচী অৰ্গেনিক গ্ৰীণ টি প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এই কলঘৰটোৰ উদ্ধোধনী অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, ডনবস্ক ইউনিভাৰচিটিৰ চাহ বিশেষজ্ঞ ৰূপম ভূঞাকে , ভাৰতীয় চাহ বৰ্ডৰ উপ সঞ্চালক ৰামেশ্বৰ কুঝুৰকে ধৰি ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। এই কলঘৰটোত দৈনিক এক হাজাৰ কেজি চাহপাত তৈয়াৰ হ'ব আৰু জৈৱিক চাহ খেতিয়ক সকলে কেঁচা চাহপাতৰ উচিত মূল্য লাভ কৰিব।
Comments