ডিমৌ:২৮মে':শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত আজি নৱনিযুক্ত মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে ডিমৌ প্ৰেছ ক্লাৱৰ সংবাদ সেৱী সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠিত হয়। নৱনিযুক্ত মুখ্য কাৰ্যবাহী বিষয়া ডা: গৌতম দাসে চিকিৎসালয়খনৰ বহু কেইটা পৰিকল্পনাৰ কথা ডিমৌৰ জ্যেষ্ঠ সাংবাদিক ৰূপজ্যোতি সন্দিকৈ, শেষৰজ্যোতি দুৱৰী, ইফটিকাৰ ৰহমান আদিৰ আগত ব্যক্ত কৰে।
ডা: দাসে চিকিৎসা সেৱা কেৱল চিকিৎসালয়খনৰ চাৰিবেৰৰ মাজতে আৱদ্ধ নাৰাখি গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজলৈ চিকিৎসাৰ প্ৰাথমিক সেৱাক লৈ যোৱাৰ কথা ব্যক্ত কৰে। লগতে তেওঁ কয় যে, প্ৰেছ ক্লাৱৰ সৈতে একেলগ হৈ অঞ্চলটোৰ চুকে-কোণে প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ এক পৰিকল্পনা স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ে যুগুত কৰিছে।
স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া প্লাৱন মুদৈ, সহকাৰী বিষয়া সঞ্জীৱ কোঁৱাৰ উপস্থিত থকা মতবিনিময় অনুষ্ঠানত ডা: দাসে সকলো জ্যেষ্ঠ নাগৰিক, শিক্ষক সমাজ আৰু সকলো শুভাকাংক্ষীৰ সহযোগিতা একান্তই কামনা কৰে।
Comments