গুৱাহাটী, ২৮ মেঃআতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।এতিয়ালৈকে, ভাৰতত মাঙ্কিপক্স সংক্ৰমণৰ কোনো ঘটনা প্ৰতিবেদিত হোৱা নাই।কিন্তু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) লোকসকলক সাম্ভাব্য লক্ষণবোৰৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে।বিশেষকৈ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা থকা শিশুৰ ক্ষেত্ৰত।মাঙ্কিপক্স ভাইৰাছ শিশুৰ ক্ষেত্ৰত সংক্ৰমণৰ অধিক আশংকা কৰা হৈছে।
আইচিএমআৰ বিজ্ঞানী ড০ অপৰ্ণা মুখাৰ্জীয়ে শুক্ৰবাৰে আইএএনএছক কৈছিল যে,"শিশুসকল মাঙ্কিপক্স সংক্ৰমণৰ প্ৰতি অধিক সংবেদনশীল।যিসকল কম বয়সীয়া লোকে স্মলপক্স ভেকছিন গ্ৰহণ কৰা নাছিল তেওঁলোক অধিক সংবেদনশীল হ'ব পাৰে।
স্মলপক্স ভেকছিনে মাঙ্কিপক্স সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ক্ৰছ-ইমিউনিটি প্ৰদান কৰে,কিন্তু ১৯৮০-ৰ দশকৰ পিছত ভেকছিনৰ প্ৰয়োগ বন্ধ কৰা হৈছিল।এই ৰোগৰ লক্ষণবোৰ সাধাৰণতে অতি ঘনিষ্ঠ সম্পৰ্কৰ দ্বাৰা বিয়পে।সেয়েহে, যিসকলে মাঙ্কিপক্সৰ বাবে ইতিবাচক পৰীক্ষা কৰে তেওঁলোকৰ সৈতে মানুহে ঘনিষ্ঠ সম্পৰ্ক পৰিহাৰ কৰা উচিত।"
বিশেষজ্ঞৰ দ্বাৰা তালিকাভুক্ত ৫ টা অস্বাভাৱিক মাঙ্কিপক্স লক্ষণ হৈছে------
▶শৰীৰৰ বিষ
▶ৰেচ
▶উচ্চ জ্বৰ
▶বহুতো লিম্ফেডেনোপেথি
▶ডাঙৰ লিম্ফ নোড
Comments