Classifieds
View All
গুৱাহাটী, ২৮ মেঃ অসম ৰাইফলছে শুকুৰবাৰে মিজোৰামৰ চম্ফাই জিলাত বৃহৎ পৰিমাণত বিদেশী মূলৰ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়।
চম্ফাই জিলাৰ জোখাৱথাৰত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক (পূব)ৰ অধীনত ২৩ চেক্টৰ অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নে এই বিদেশী মূলৰ চিগাৰেটখিনি জব্দ কৰে।
বিষয়াসকলে ঘটনা সন্দৰ্ভত জনাইছে যে, "জব্দ কৰাৰ বিদেশী চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ২৩,৪০,০০০ টকা হ'ব।
ইপিনে, অসম ৰাইফলছৰ এক বিবৃতি অনুসৰি, নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি এটা অভিযান চলোৱাত বিদেশী চিগাৰেটখিনি জব্দ কৰা হৈছে।
শুল্ক বিভাগে জব্দ কৰা নিষিদ্ধ সামগ্ৰীবোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে অধিগ্ৰহণ কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
Comments