তালাপ, ২৮ মে’: তিনিচুকীয়া জিলাৰ ছৈখোৱাত ব্ৰক্ষ্মপুত্ৰত পৰি সন্ধানহীন হোৱাৰ সন্দেহ কৰা অজয় দেৱনাথৰ (১৯) মৃতদেহ আজি ধলা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তালাপ ককৰাতলি নিবাসী দিগেছ দেৱনাথ আৰু বাসন্তী দেৱনাথৰ পুত্ৰ অজয় দেৱনাথে ২০ মে’ৰ পুৱা ৯:৩০ মান বজাত সমনীয়াৰ সৈতে ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷
পৰৱৰ্তী সময়ত ধলা আৰক্ষী থানাৰ অন্তৰ্গত ছৈখোৱা অঞ্চলৰ ফেলাইৰ সমীপত বহ্মপুত্ৰৰ পাৰত অতি ৰহস্যজনক ভাবে যুৱক জনৰ চেন্দেল , কানি-কাপোৰ আৰু মোবাইলফোন উদ্ধাৰ হোৱাত ৰাইজে স্থানীয় ধলা আৰক্ষীক খবৰ দিয়ে ৷ ধলা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মবাইলৰ সুত্ৰ ধৰি অজয় দেৱনাথৰ পিতৃ মাতৃৰ সৈতে যোগাযোগ কৰি যুৱক জন সন্ধানহীন হোৱাৰ কথা নিশ্চিত হৈ যুৱক জন ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱাৰ সন্দেহ কৰে আৰু উদ্ধাৰৰ বাবে ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহায় লয় ।
উদ্ধাৰকাৰী দলটোৱে কেইবাদিন ধৰি অভিযান চলাই যদিও সফল নহয় আৰু আজি ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ নাওকটাৰ সমীপৰ এটা বালিচৰত মৃতদেহটো ওপঙি থকা দেখিবলৈ পোৱা হয় ৷ ধলা আৰক্ষীয়ে অজয়ৰ পিতৃ দিগেশ দেবনাথক লগতলৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
দিগেশ দেবনাথে মৃতদেহটো তেওঁৰ পুত্ৰ অজয়ৰ বুলি চিনাক্ত কৰাৰ উপৰিও মৃতদেহৰ পেন্টৰ পকেটত অজয়ৰ আধাৰ কাৰ্ডখনো উদ্ধাৰ হয় ৷ আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ ইফালে যুৱকজনৰ মৃত্যু ইচ্ছাকৃত নে কাৰোৱাৰ চক্ৰান্তৰ বলী হ’ল তাক লৈ একাংশই সন্দেহ ব্যক্ত কৰি ইয়াৰ এক তদন্তৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে ।
Comments