Classifieds
View All
চিলাপথাৰ, ২৮ মে’: আজি পুৱতি নিশা প্ৰায় ৪ বজালৈকে চিলাপথাৰৰ চিলাসুতিৰ বিভিন্ন অঞ্চলত অহা ঘূৰ্নী বতাহত অৰ্ধ শতাধিক ঘৰ,মন্দিৰ, বিদ্যালয়, মুল্যবান গছ তামোল ভাঙি পৰিল। চিলাসুতিৰ আৰ্চি মাজৰবাৰী, কমলপুৰ, আৰ্চি বৰগড়া, ২নং আৰ্চি মাজৰবাৰীৰ ছাবচেন্টাৰকে ধৰি কেইবাখনো গাঁৱৰ ঘৰ, মন্দিৰ, বিদ্যালয় আদি ভাঙি পৰে। প্ৰকাণ্ড গছ,গছনি৷
বিদ্যুতৰ খুঁটা আদি ঘুৰ্ণী বতাহৰ ফলত ভাঙি মাটিত পৰি ৰৈছে। ঘূর্ণী বতাহ অহাৰ গম পাই বহু পৰিয়াল ঘৰ এৰি পলায়ন কৰাৰ কাৰণে প্ৰাণ ৰক্ষা পৰিল। ১৫ খনৰো অধিক গাঁও ক্ষতিৰ সন্মূখীন হৈছে। স্থানীয় ৰাইজে উদ্ধাৰ আৰু সহায় অভিযান পুৱাৰে পৰা আৰম্ভ কৰিছে।ক্ষতিগ্ৰস্ত দুৰ্ভগীয়া পৰিয়াল সমুহলৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰ তথা জিলাপ্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷
Comments