তালাপ, ২৮ মে' : ৰ'টাৰী ইন্টাৰনেচনেলৰ ৩২৪০-ৰ ডিচট্ৰিক্ট গৱৰ্নৰ(ডিজি) ডাঃ এম এছ কোঁৱৰ কালি সন্ধিয়া ডুমডুমাত উপস্থিত হৈ ৰ'টাৰী ক্লাৱ অৱ ডুমডুমাৰ অগ্ৰগতিৰ বুজ লয়হি । এই উপলক্ষে ক্লাৱৰ সভাপতি মিন্টু উপাধ্যায়ৰ সঞ্চালনাত ক্লাৱ চৌহদত এখন সভা অনুষ্ঠিত হয় ।
ক্লাৱৰ সদস্য-সদস্যা, অন্যান্য ক্লাৱৰ অতিথিসকল, ক্লাৱৰ মহিলা গোটৰ কৰ্মীসকল, ক্লাৱটোৰ একাংশ শুভাকাংক্ষী আৰু কেইগৰাকীমান সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন ডিচট্ৰিক্ট গৱৰ্নৰ কীৰ্তি ৰঞ্জন দে'-ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰা হয় ।
ক্লাৱৰ সম্পাদক ভূপেন গোঁহাইয়ে বিগত বছৰটোত ক্লাৱটোৱে কৰা কামৰ এটি চমু খতিয়ান দাঙি ধৰে । ডিচট্ৰিক্ট গৱৰ্নৰ ডাঃ এম এছ কোঁৱৰে প্ৰদান কৰা ভাষণত সংগঠনটোৰ কামৰ কিছু খতিয়ান দাঙি ধৰাৰ লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে প্ৰতিগৰাকী ৰ'টাৰীয়ানে কাম কৰি যাবলৈ আহ্বান জনায় ।
সভাখনত ডিচট্ৰিক্টৰ এচিষ্টেণ্ট গৱৰ্নৰ সঞ্জীৱ গগৈ আৰু সাধাৰণ সম্পাদক মনোজ মৌৰ-এ যোগদান কৰে ।
Comments