ধেমাজি , ২৮ মে’ : অসম তৃণমূল কংগ্ৰেছৰ এখনি যোগদান সভা ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ বাবুল সোনোৱালৰ সভাপতিত্ব অনুস্ঠিত হোৱা যোগদান সভাখনিত অংশগ্ৰহণ কৰি ৰাজ্যিক নেত্ৰী শিখা শৰ্মাই বিজেপি চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি অসমৰ ৰাইজে এইবাৰ দুখীয়া হকে কাম কৰা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক ভোট দিব বুলি উল্লেখ কৰে ৷
সততে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ থকা শিখা শৰ্মাই ধেমাজিত আহি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুক তীব্ৰ সমালোচনাৰ কৰে ৷
তৃণমূল কংগ্ৰেছৰ যোগদান সভাত তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা তথা প্ৰাক্তন সাংসদ কৃৰ্তি আজাদে অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল দলটোৰ জয়গান গায় ৷
দুই শতাধিক লোক উপস্থিত থকা যোগদান সভাত অৰ্ধ শতাধিক জনে যোগদান কৰে ৷ যোগদান সভাখনিত দলটোৰ ভালেসংখ্যক ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰে ৷
Comments