ডিব্ৰুগড়, ২৮ মে’: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগত সোণোৱাল সোণোৱাল কছাৰী সাহিত্য সভা আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ পূৰ্ণাংগ বুৰঞ্জী প্ৰণয়ন কৰিব সোণোৱাল কছাৰী সাহিত্য সভাই৷ এই উপলক্ষ্যে আজি সভাৰ জনগোষ্ঠী প্ৰণয়ন সমিতিৰ যৌথ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় ‘অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল’ শীৰ্ষক বক্তৃতানুষ্ঠান৷
সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ সঞ্চালনাত ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুুষ্ঠানটি উদ্বোধন কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে আজিৰ দিনটো সোণোৱাল জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিতি কৰি চলিত বৰ্ষৰ বাজেটত এই প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক পুঁজি ধাৰ্য কৰাৰ লগতে অনাগত দিনত ইয়াৰ বাবে যাৱতীয় পুঁজি আগবঢ়াই যাব বুলি ঘোষণা কৰে৷
বুৰঞ্জী প্ৰণয়ন সমিতিৰ মুখ্য সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া শৈক্ষিক বিনোদ বড়াই বিষয়টোৰ সম্পৰ্কত প্ৰস্তুত কৰা পৰিকল্পনাৰ আভাষ প্ৰদানৰ পিছতেই বক্তৃতানুষ্ঠানটিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বিষয়টোৰ বিভিন্ন দিশ পুখানুপুংখভাৱে বিশ্লেষণ কৰি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাধ্যাপক ড॰ নিৰোদ কুমাৰ বৰুৱা আৰু একে বিভাগৰে মুৰব্বী অধ্যাপক ড॰ চন্দন কুমাৰ শৰ্মাই৷
সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সভাৰ মুখ্য উপদেষ্টা গুণেশ্বৰ সোণোৱাল, বিশিষ্ট লেখক-সাহিত্যিক নন্দেশ্বৰ কছাৰী, শান্তনু দাস বৰহাজোৱাল, প্ৰশান্ত কুমৰাল, ডাঃ জীতেন বড়া, ‘সোনোৱাল বাৰ্তা’ৰ সম্পাদক ৰতন হাজৰিকা, অধ্যাপক তুলসী সোণোৱাল, ড॰ নিতুমনি বড়া শইকীয়া, জগত হাজৰিকা, বেণু বড়া, মহানন্দ সোণোৱাল, অৰুণাচলৰ পৰা অহা লেখক অৰবিন্দ বড়া আদিয়ে বিষয়টোৰ সম্পৰ্কত প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণৰ লগতে বিষয়টোৰ সম্পৰ্কত কেতবোৰ পৰামৰ্শ আগবঢ়ায়৷
Comments