তিনিচুকীয়া:২৮ মে: এশ এবছৰত ভৰি দিলে স্বাধীনতা সংগ্ৰামী সত্যলতা গগৈয়ে। কোভিডকালীন পৰিবেশত শতবৰ্ষ উদযাপন কৰিব নোৱাৰা স্বাধীনতা সংগ্ৰামী গৰাকীৰ জন্ম দিন আজি তিনিচুকীয়া জিলাৰ ফিলবাৰীত ৰাজহুৱাভাবে আয়োজন কৰে। সত্যলতা গগৈৰ জন্ম দিন উদযাপন কৰি তিনিচুকীয়া জিলাৰ ফিলবাৰীবাসী উৎফুল্লিত হৈ পৰিছে।
জিলাখনৰ একমাত্ৰ জীৱিত স্বাধীনতা সংগ্ৰামী সত্যলতা গগৈৰ জন্ম দিন ফিলবাৰীৰ শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰে। মুক্তি যুঁজাৰু গৰাকীৰ এশ এবছৰীয়া জন্ম দিনৰ অনুষ্ঠানত ফিল'বাৰী সেনা ছাউনীৰ সেনা বিষয়া চেতন বড়া, বি কে বিশ্বকৰ্মা, ফিল'বাৰী চাহ বাগিচাৰ পৰিচালক ভজন পাল সিং,আপকু তিনিচুকীয়া জিলা সমিতি,ফিল'বাৰী সাংবাদিক চৰা,চুতীয়া ছাত্ৰ সন্থা,লাচিত সেনা, ফিল'বাৰী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল,শংকৰদেৱ শিশু নিকেতন ফিল'বাৰী, চিকৰাজান জাতীয় বিদ্যালয় আদি বিভিন্ন ব্যক্তি, দল সংগঠন বিশেষে শুভেচ্ছা জ্ঞাপন কৰে।
জন্ম দিনৰ কাৰ্যসূচীত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য-গীত পৰিৱেশন কৰি আনন্দ উল্লাস কৰে। ইফালে, সত্যলতা গগৈৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি ১০১ গচি বন্তি প্ৰজ্বলন কৰে।মুক্তিযুদ্ধা গগৈৰ ৰাজহুৱাভাবে জন্ম দিন আয়োজন কৰাৰ ক্ষেত্ৰত মৃণালজ্যোতি শইকীয়া,কুলেশ্বৰ ফুকন, ৰাজেশ চাহু, প্ৰশান্ত গগৈ, মুকুট ভুঞা,নাট্যকাৰ লাজীৱ লোচন বৰা আদিয়ে উদ্যোগ গ্ৰহণ কৰিছিল। মুক্তি যুঁজাৰু সত্যলতা গগৈয়ে নিজৰ জন্ম দিন ৰাজহুৱাকৈ আয়োজন কৰি সুখী বুলি উল্লেখ কৰাৰ লগতে স্বাধীনতা সংগ্ৰাম কৰা সময়ত পৰিৱেশন কৰা গীত সমুহৰ কলি সুন্দৰকৈ পৰিৱেশন কৰি দেখুৱায়।
উল্লেখযোগ্য যে,১৯২১ চনৰ ২৮ মে'ত শিৱসাগৰৰ নিতাই পুখুৰীত জন্ম গ্ৰহণ কৰা সত্যলতা গগৈয়ে ১৫ বছৰ বয়সতেই পিতৃৰ প্ৰেৰণা পাই স্বাধীনতা সংগ্ৰামত নামি পৰিছিল। স্বাধীনতা আন্দোলনত ভাগ লৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ দৰে পুৰোধা ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তিখেশ্বৰ বৰগোহাঁই, উমা কান্ত ৰাজা, বুধিন্দ্ৰ ৰাজখনিকৰ, সোমেশ্বৰ কাকতি আদি নেতা সকলক লগ পাইছিল। আনকি মুক্তি যুঁজাৰু সত্যলতা গগৈৰ প্ৰয়াত স্বামী নবীন গগৈও স্বাধীনতা আন্দোলন কৰিছিল।
বৰ্তমান তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ গাভৰুভেটিত বসবাস কৰা আইতাই ২০১১ চনত সমগ্ৰ দেশত আন্না হাজাৰীয়ে গঢ়ি তোলা দূৰ্নীতিবিৰোধী আন্দোলনৰ সময়ত চাহ নগৰী ডুমডুমাৰ মাজমজিয়াত থকা গান্ধী মুৰ্তীৰ কাষত তেৰ দিনীয়া অনশনত ভাগ লৈ চৰ্চিত হৈ পৰিছিল। মুক্তি যুঁজাৰু গৰাকীক লৈ তিনিচুকীয়া জিলাবাসীয়ে গৌৰৱ অনুভৱ কৰে।
Comments