নতুন দিল্লী, ২৮ মে’ ঃ ভাৰতীয় চলচ্ছিত্ৰ নিৰ্মাতা শৌনক সেনৰ তথ্যচিত্ৰ ‘অল দেট ব্ৰীথ্ছ’-এ ৭৫সংখ্যক কাঁ চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান তথা বঁটা গ’ল্ডেন আই [লই ড’] লাভ কৰিছে৷ ইয়াৰ আগতে ‘অল দেট ব্ৰীথ্ছ’-এ ছানডেন্স চলচ্ছিত্ৰ মহোৎসৱত গ্ৰেণ্ড জুৰী বঁটা লাভ কৰিছিল৷
এই সপ্তাহৰ প্ৰথম ভাগত চলচ্ছিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শিত হোৱাৰ পাছত ‘এইচ বি অ’ ডকুমেণ্টৰি’য়ে এই তথ্যচিত্ৰখন ক্ৰয় কৰিছিল৷ গ’ল্ডেন আইৰ বিচাৰকসকলে তথ্যচিত্ৰখনৰ বিষয়ে কয় যে গ’ল্ডেন আইৰ বিচাৰকসকলে এনে এখন তথ্যচিত্ৰ চালে, যিখনে ধবংসৰ এখন পৃথিৱীৰ মাজত, সকলোকে সোঁৱৰাই দিলে যে সকলো জীৱন আৰু সকলো ক্ষুদ্ৰ কাৰ্যৰে গুৰুত্ব আছে৷
বিচাৰকে আৰু কয়, ‘আপুনি আপোনাৰ কেমেৰাটো ল’ব পাৰে, আপুনি এটা চৰাইক বচাব পাৰে, আপুনি কিছু সৌন্দৰ্যৰ মুহূৰ্তৰ সন্ধান কৰিব পাৰে, এইবোৰৰ গুৰুত্ব আছে৷’ ৯০ মিনিটৰ তথ্যচিত্ৰ ‘অল দেট ব্ৰীথ্ছ’ত মহম্মদ ছৌদ আৰু মাদীম শ্বেহজাদ নামৰ সহোদৰৰ কাহিনী আছে যি তেওঁলোকৰ জীৱন আহত পক্ষীৰ উদ্ধাৰ আৰু চিকিৎসাত উছৰ্গা কৰিছে, বিশেষকৈ চিলনীৰ৷
ইফালে চলচ্ছিত্ৰ মহোৎসৱৰ শীৰ্ষ বঁটা, মূল জুৰি বঁটা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই যদিও ‘আন চাৰটেইন ৰিগাৰ্ড’ শাখাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে৷ এই শাখাত শ্ৰেষ্ঠ চলচ্ছিত্ৰৰ বঁটা লাভ কৰিছে ফৰাচী চিনেমা ‘দ্য ৱষ্টৰ্ ৱান্ছ’-এ৷ জুৰিৰ বঁটা লাভ কৰিছে পাকিস্তানী ট্ৰান্সজেণ্ডাৰ প্ৰেম কাহিনীৰ চিনেমা ‘জয়লেণ্ড’-এ৷
শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আলেকজেণ্ড্ৰু বেে{¨ [মেট্ৰ’নম], শ্ৰেষ্ঠ অভিনয়ৰ বাবে ভিকি ক্ৰিয়েপছ [ক’ৰছে’জ] আৰু আদাম বেচ্ছাই তথা [হাৰকা] তথা শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে মাহা হেজ [মেডিটেৰেনিয়ান ফিভাৰ]৷ আনহাতে ক’ ডে কেয়া বঁটা লাভ কৰে ল’লা কুইভ’ৰ’নে৷
উল্লেখযোগ্য যে যোৱা বছৰ ৭৪সংখ্যক কাঁ চলচ্ছিত্ৰ মহোৎসৱতো ভাৰতৰ পায়ল কাপাডিয়া পৰিচালিত ‘এ নাইট অব নয়িং নাথিং’ নামৰ তথ্যচিত্ৰখনে গ’ল্ডেন আই বঁটা লাভ কৰিছিল৷
Comments