কৰিমগঞ্জ ঃ নিজা প্ৰতিবেদক, ২৮ মে’ ঃ ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীজনে যিমানেই চেষ্টা নচলাওক কিয় এচাম বিভাগীয় বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতা আৰু ঠিকাদাৰৰ নেতৃত্বত গঢ় লৈ উঠা দুৰ্নীতি তথা লুণ্ঠনৰাজ নিৰ্মূল কৰা মুখ্যমন্ত্ৰী বা চৰকাৰৰ বাবে দুৰূহ হৈ পৰিছে৷
চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিলেও এইসকলক যেন নাকী লগাব পৰা নাই৷ কৰিমগঞ্জত প্ৰতিটো বিভাগতে চলিছে এনেদৰে বিয়াগোম দুৰ্নীতি তথা লুণ্ঠন৷ কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ কামতো ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে৷ কোটি কোটি টকা ব্যয়ৰে মেৰামতি কৰা পথৰো দুৰৱস্থা হৈছে৷
নিৰ্মাণ কৰাৰ চাৰি মাহৰ ভিতৰতে জহি-খহি গ’ল পথ৷ কৰিমগঞ্জ চহৰৰ পৰা সুতাৰকান্দিৰ বাংলাদেশ সীমান্তলৈকে পূৰ্বৰ ১৫১নং বৰ্তমানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৪.০৬ কিল’মিটাৰ অংশ মেৰামতিৰ বাবে নিবিদা লাভ কৰিছিল এছ এল টি ইনফ্লেকন প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে৷
জানিব পৰা মতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হৈছে তুছনিয়াল এণ্ড কোম্পানী আৰু সহযোগী হৈছে স্বপন আহমেদ চাহিল নামৰ এজন ব্যক্তি]৷ এই কামৰ বাবে ধাৰ্য কৰা হৈছিল ১৩ কোটি ৩৫ লাখ টকা৷ পথটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০২০ চনৰ ১৮ এপ্ৰিলত৷ কাম সম্পূৰ্ণ হৈছিল ২০২১ চনৰ নৱেম্বৰত৷
কাম সম্পূৰ্ণ শেষ হোৱাৰ আগতে নিবিদা লাভ কৰা প্ৰতিষ্ঠানে ইতিমধ্যে ১০ কোটি ৭৫ লাখ টকা লাভ কৰা বুলি জানিবলৈ দিয়ে৷ বিভাগীয় অভিযন্তাই কিন্তু কামৰ মান অতি নিম্নমানৰ হোৱাৰ বাবে পুনৰ জোৰা তাপলি দিয়া হৈছে৷ ১৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ ঠায়ে ঠায়ে চপৰা চপৰকৈ এৰাই গৈছে ব্লেকটেপিং৷
যাৰ বাবে পুনৰ পথটো ভাঙি কাম কৰা হৈছে৷ কামৰ গুণগত মানক লৈ স্থানীয় লোকে অভিযোগ কৰি কয় যে পথটোৰ অধিক কাম কৰা হৈছিল নিশাৰ ভাগত৷ একেনিশাই প্ৰায় এক-ডেৰ কিল’মিটাৰ অংশৰ কাম কৰ হৈছিল৷ যাৰ বাবে বৰ্তমান ঘাইপথটো হৈ পৰিছে কাৰ্পেটৰ দৰে৷ উঠি গৈ আছে ব্লেক টেপিং৷
এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তাই কয় যে ঠিকাদাৰে কাম ভালদৰে কৰিছে৷ আচলতে অ’ভাৰলোড ট্ৰাক চলাচল কৰাৰ বাবে পথটোৰ এনে অৱস্থা হৈ আছে৷ তেনে ক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন– এই ১৪ কিল’মিটাৰ অংশৰ ৰাষ্ট্ৰীয় ঘাইপথ বাদ দি আন সকলো পথতে অ’ভাৰলোড ট্ৰাক চলাচল নকৰে নেকি?
তেনেহ’লে সেই সময়ৰ বিভাগীয় অভিযন্তাজনে সঠিক প্লেন এষ্টিমেট পঠোৱা নাছিল নেকি? যাৰ ফলত কাম শেষ হোৱাৰ চাৰি মাহৰ পাছত পথৰ ব্লেক টেপিং উঠি গৈ আছে৷ বৰ্তমান অভিযন্তাজনে অভিযোগৰ ভিত্তিত কামৰ মান পৰীক্ষা কৰাৰ বাবে ১৮য০৪য২০২২ তাৰিখত এন আই টি শিলচৰলৈ ইয়াৰ নমুনা পঠিয়াইছে৷
যদিও অভিযন্তাজনে পথৰ কাম বেয়া হোৱা বুলি মানি লোৱা নাই৷ পিছে তেওঁ পুনৰ কয়, ‘এতিয়া পুনৰ এটা এষ্টিমেট প্ৰস্তুত কৰি পঠিয়াব লাগে৷ তেনেহ’লে মেৰামতিৰ নামত চৰকাৰৰ ১৪ কোটি টকা পানীত পৰিল নেকি?
আচলতে পুৰণি পথৰ ওপৰত আকৌ ব্লেক টেপিং কৰি দিয়াৰ ফলতে পথটো ভাগি গৈ আছে বুলি স্থানীয় লোকে ধাৰণা কৰিছে৷ চহৰ এলেকাৰ এজন লোকে এনে নিম্নমানৰ কামেৰে লুণ্ঠন চলোৱা ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি তদন্তৰ দাবী জনায়৷
Comments