ডিফু ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ মে’ ঃ কভিডকালীন পৰিস্থিতিত অসম চৰকাৰে চীনৰ পৰা চিকিৎসকৰ বাবে পি পি ই কিট আনিছিল৷ যিখন বিমান পি পি ই কিট লৈ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিছিল তাৰ লগত ফটো দি আজিৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ফটো দিছিল৷
কিন্তু এতিয়া বিষয়টো লৈ বিতৰ্ক আৰম্ভ হৈছে৷ আৰ টি আইৰ তথ্যৰ ভিত্তিত দ্যা ৱায়েৰ নামৰ ৱে’ব পৰ্টেল আৰু ক্ৰছ কাৰেণ্টে বাতৰি পৰিৱেশন কৰাৰ লগে লগে চৰকাৰৰ বৰঘৰত হাহাকাৰ লাগে৷
শুকুৰবাৰে কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সংবাদমেল পাতি চৰকাৰৰ এই বিষয়টো লৈ কঠোৰ সমালোচনা কৰি কেলেংকাৰি হোৱাৰ অভিযোগ কৰিছিল৷ ইয়াৰ পাছতে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত তেতিয়াৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰে৷
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থকা সংবাদমেলত মন্ত্ৰী হাজৰিকাই কয় যে সেই সময়ত আমেৰিকা, ইউৰোপ, চীন দেশ সকলোতে লকডাউন চলি আছিল৷ আমি ক’ৰবাৰ ক’ৰবাৰ পৰা ৫০০-১০০০কৈ পি পি ই কিট আনিছিলোঁ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতিয়া দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিল৷
দুঘণ্টামানহে শুইছিল৷ আই চি ইউলৈ গৈ ৰোগীৰ খবৰ লৈছিল৷ পি পি ই কিট নোহোৱাত এটা প্ৰতিষ্ঠানে চীন দেশৰ পৰা পি পি ই কিট আনি দিয়াৰ কথা ক’লে৷ সেয়ে তেওঁলোকক আনিবলৈ দিয়া হৈছিল৷ চীনৰ পৰা পি পি ই কিট অনা বিমান চালকসকলক উৎসাহ দিয়াৰ বাবে আমি বিমান কোঠলৈ গৈছিলোঁ৷
ফটো উঠি মুখ্যমন্ত্ৰীয়ে আৰু ময়ো সামাজিক মাধ্যমত দিছিলোঁ৷ কিন্তু যেতিয়াই চিকিৎসকসকলে চীন দেশৰ পি পি ই কিটৰ মানক লৈ সন্দেহ কৰিলে তেতিয়া সেইখিনি ব্যৱহাৰ কৰা নহ’ল৷
ব্যৱহাৰ কৰাই নহয়, আমি সেইখিনি পি পি ই কিট ৰিচিভ নকৰিলোঁ৷ কোন প্ৰতিষ্ঠানে এইখিনি পি পি ই কিট আনিছিল বুলি জানিবলৈ বিচৰাত তেওঁ এই মুহূৰ্তত নামটো মনত নাই বুলি কয়৷ পি পি ই কিটখিনি তেন্তে ক’লৈ গ’ল জানিবলৈ বিচৰাত তেওঁ সেয়া নাজানে বুলি কয়৷ আমি ৰিচিভ নকৰা সামগ্ৰী ক’লৈ নিলে কেনেকৈ জানিম৷
আমি মাত্ৰ উৰাজাহাজৰ চালকক উৎসাহ দিবলৈহে গৈছিলোঁ৷ মন্ত্ৰী হাজৰিকাই কয় যে দ্যা ৱায়েৰ আৰু ক্ৰছ কাৰেণ্টে দুষ্ট উদ্দেশ্যত এই বাতৰি কৰিছে৷ যিখিনি পি পি ই কিট আমি ৰিচিভ কৰাই নাই, তাৰ বিনিময়ত ধন দিয়া নাই, সেইখিনিক লৈ কেনেকৈ কেলেংকাৰি হ’ব বুলি মন্ত্ৰীজনে প্ৰশ্ন কৰে৷
মন্ত্ৰী হাজৰিকাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে চ্ছখন আসনেই দখল কৰিব বুলি দাবী কৰি কয় যে বহু ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হ’ব৷ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীৰ দল ত্যাগ কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে তেওঁক লুৰীণজ্যোতি গগৈয়ে এবছৰত দুবাৰ হৰুৱালে৷ তেৱেঁই নহয় আৰু বহুতে জাতীয় পৰিষদ এৰিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
Comments