গুৱাহাটী,২৮ মে':আজি মুকলি হ'ব বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি ‘লাল সিং চাড্ডা’ ৰ ট্ৰেইলাৰ।আই পি এলৰ ফাইনেলৰ সময়ছোৱাত মুক্তি পাব ইয়াৰ ট্ৰেইলাৰ।কৰীণা কাপুৰ খান, আমিৰ খান, নাগা চৈতন্য আৰু মনা সিঙৰ অভিনয়েৰে নিৰ্মিত এই ছবিখন অহা আগষ্ট মাহত মুক্তি পাব।অভিনেতাজনক শেহতীয়াকৈ খুবেই সাধাৰণ ভাৱে পথত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত দেখা পোৱা গৈছিল।
ছবিখনৰ মুক্তিৰ পূৰ্বেই বিৰোধিতা আৰম্ভ হৈছে। উত্তৰ প্ৰদেশৰ চুলতানপুৰত কিছুমান লোকে আমিৰ আৰু তেওঁৰ চলচ্চিত্ৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। অভিনেতাজনৰ পোষ্টাৰবোৰো ফালি জ্বলাই দিয়া হৈছে। হিন্দুত্ববাদী সংগঠনটোৱে চুলতানপুৰৰ বিজেঠুৱা খামত প্ৰতিবাদ সাব্যস্ত কৰিছে। সনাতন ৰক্ষক সেনাৰ ৰাজ্যিক উপ-সভাপতি ৰাহুল সিঙে কয়, "আমিৰে প্ৰায়ে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ বিৰুদ্ধে কথা কয়।
এয়া একেজন আমিৰ খান,যি হিজাবৰ আটাইতকৈ ডাঙৰ সমৰ্থক আছিল। সকলোৱে জানে কেনেকৈ তেওঁৰ নিজৰ ছোৱালীয়ে ফেচবুক আৰু গুগলত ফটো প'ষ্ট কৰে।"
Comments