গুৱাহাটী, ৩০ মেঃ বৰ্তমান মানুহৰ দৈনন্দিন জীৱনত বেংক এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। লগতে ভাৰতবৰ্ষত বেছিভাগ মানুহৰ বেংক একাউণ্ট খোলা হৈছে।
মানুহে আজিকালি বেংকত টকাৰ লগতে গহনাও ৰাখিব পাৰে। ইয়াৰ উপৰিও, কিছুমান লোকে বেংকত গুৰুত্বপূৰ্ণ নথিপত্ৰও ৰাখে। কিন্তু পূৰ্বতে অৰ্থাৎ কেইবা শতিকাৰ আগতে বেংকৰ ব্যৱস্থাবোৰ কিছু বেলেগ ধৰণৰ আছিল। য'ত ধন আৰু গহনাৰ লগতে বেংকত শস্যও ৰখা হৈছিল।
পূৰ্বতে মৰক্কোৰ আমাজী সম্প্ৰদায়ৰ মাজত ব্যৱহৃত হোৱা বেংকিং ব্যৱস্থাক ৰাবাট-ইগুদাৰ বুলি কোৱা হৈছিল। ইয়াক পৃথিৱীৰ আটাইতকৈ পুৰণি বেংক বুলি গণ্য কৰা হয়। টাস্কডেল্ট গ্ৰুপৰ উপ-মুৰব্বী অফকিৰে এই সন্দৰ্ভত কৈছে যে, "এই প্ৰাৰম্ভিক বেংকবোৰ এজন সচিবে পৰিচালনা কৰিছিল। এই সচিবজনক 'লামাইন' বুলি জনা গৈছিল।"
প্ৰায় ১০ জনীয়া এখন সমিতিয়ে এই বেংকৰ তত্বাৱধান কৰিছিল, এই সমিতিখনক ইনফ্লাছ বুলি জনা গৈছিল। বিভিন্ন জনজাতিৰ প্ৰতিনিধিৰে গঠিত ইনফ্লাছ গঠন কৰা হৈছিল।
এক বিশেষ প্ৰতিবেদনত দেখুওৱা হৈছে যে ইগুদাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰিছে। ইগুদাৰক 'আগদিৰ' বুলিও কোৱা হয়।
বহুতো গৱেষকে এই আশ্চৰ্যজনক শস্যভাণ্ডাৰক মানৱ ইতিহাসৰ আটাইতকৈ পুৰণি বেংকিং প্ৰণালী বুলি গণ্য কৰিছে। এই বেংকটো অলংকাৰ আৰু আইনী নথিপত্ৰৰ লগতে ঘেঁহু, বাৰ্লি আদি শস্যৰ সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
এই সন্দৰ্ভত গৱেষণা অধ্যাপক খালিদ আলাৰুদে কৈছে যে, "এই সামূহিক শস্য ভাণ্ডাৰবোৰ বেংকৰ আৰম্ভণিৰ ব্যৱস্থাপ্ৰণালী হ'ব পাৰে।"
Comments