গুৱাহাটী,২৭ মে':প্ৰতি সন্ধিয়া প্ৰায় ৭.৩০ বজাত দিল্লীৰ প্ৰধান সচিব (ৰাজহ) সঞ্জীৱ খিৰৱাৰে দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত থ্যাগৰাজ ষ্টেডিয়ামত তেওঁৰ কুকুৰটোৰ সৈতে খোজ কাঢ়ি খেলুৱৈ সকলৰ প্ৰশিক্ষণত অসুবিধা দিয়া বুলি প্ৰকাশ পাইছিল।তদুপৰি কেৱল কুকুৰৰ সৈতে ফুৰাৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰশিক্ষণ সামৰিবলৈ নিৰ্দেশ দিছিল ষ্টেডিয়াম প্ৰশাসকে।ইয়াকে লৈ সৃষ্টি হৈছিল আন এক বিতৰ্কৰ।তাৰ পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে আইএএছ দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাক ক্ৰমে লাডাখ আৰু অৰুণাচল প্ৰদেশলৈ ট্ৰেন্সফাৰ কৰে।
এজন প্ৰশিক্ষকে ষ্টেডিয়াম প্ৰশাসকৰ এনে স্বভাৱক সমালোচনা কৰি কয়,"আমি আগতে লাইটৰ তলত নিশা ৮ বজাৰ পৰা ৮.৩০ বজালৈকে প্ৰশিক্ষণ কৰিছিলো। কিন্তু এতিয়া আমাক সন্ধিয়া ৭ বজাৰ ভিতৰত খেলপথাৰ এৰি যাবলৈ কোৱা হৈছে যাতে বিষয়াজনে তেওঁৰ কুকুৰটোক খোজ কঢ়াব পাৰে। ইয়াৰ বাবে আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ৰুটিন যথেষ্ট ব্যাহত হৈছে।"
Comments