গুৱাহাটী,২৭ মেঃদেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ।এখন হিন্দী উপন্যাসৰ জৰিয়তে ভাৰতীয় লেখিকা গীতাঞ্জলী শ্ৰীয়ে আজুৰি আনিলে আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মান।উপন্যাস ‘Tomb of Sand’ ৰ বাবে ২০২২বৰ্ষৰ বুকাৰ সন্মান লাভ কৰে ভাৰতীয় সাহিত্যিক গীতাঞ্জলী শ্ৰীয়ে।হিন্দী উপন্যাসৰ বাবে এয়াই হৈছে প্ৰথমটো বুকাৰ সন্মান।Tomb of Sand’ উপন্যাস খন হৈছে হিন্দীৰ ‘ৰেট সমাধি’ৰ ইংৰাজী অনুবাদ।
এগৰাকী ৮০ বছৰীয়া মহিলাক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখা উপন্যাসখনৰ মূল নামটো হৈছে ‘ৰেত সমাধি’।এগৰাকী অশীতিপৰ বিধৱাৰ কাহিনীয়ে উপন্যাসখনৰ মূল বিষয়।উপমহাদেশৰ অশান্ত সময়ছোৱাত দেশ বিভাজনে কেনেকৈ ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ জীৱনত প্ৰভাৱ পেলাইছিল আৰু সেই স্মৃতিবোৰে কেনেকৈ তেওঁক ভূতৰ দৰে খেদি ফুৰে উপন্যাসখনত তাৰ কাহিনী বৰ্ণনা কৰা হৈছে।
মূলতঃ হিন্দীত লিখা আৰু ৰেট সমাধি শীৰ্ষক,ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিত্ৰশিল্পী, লেখক আৰু অনুবাদক ডেইজি ৰকৱেলে ইংৰাজীলৈ অনুবাদ কৰিছিল।উল্লেখযোগ্য যে,বুকাৰ সন্মানবুকাৰ সন্মান ৫০হাজাৰ পাউণ্ড পুৰস্কাৰৰ ধন গীতাঞ্জলি শ্ৰী আৰু ইংৰাজী অনুবাদক ডেইজি ৰকৱেলৰ মাজত সমানে ভগাই দিয়া হ’ব।
Comments