সোণাৰি, ২৭ মে' : আলফা স্বাধীন এতিয়া তীব্ৰ আৰ্থিক সংকটত পৰিছে। এই সংকটৰ পৰা সকাহ পাবলৈ সংগঠনটোৰ সদস্যই ব্যাপক ধনদাবীৰ পৰিকল্পনা চলোৱাৰ লগতে দাবীকৃত ধন আদায় কৰিবলৈ অপহৰণ কাৰ্যত জড়িত হৈ পৰিবলৈ প্ৰস্তুতি চলোৱা বুলি চোৰাংচোৱা সূত্ৰই তথ্য লাভ কৰা বুলি আজি সোণাৰিত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে।
জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে তেওঁৰ কাৰ্যালয়ত স্থানীয় সংবাদ কৰ্মীৰে হোৱা এক সাক্ষাৎ কালত আৰক্ষী অধীক্ষক গৰাকীয়ে চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ উল্লেখৰে উক্ত বিস্ফোৰক তথ্য ডাঙি ধৰে। তেওঁ লগতে উল্লেখ কৰি কয় যে, ম্যানমাৰৰ কাচিন প্ৰভিন্সত থকা এন এছ চি এন (খাপলাং)ৰ শিবিৰ আলফা স্বাধীনে দীৰ্ঘ সময় ধৰি ব্যৱহাৰ কৰি আহিছে।
এই শিবিৰত বাহৰ পাতি আলফাই সাংগঠনিক কাম কাজ চলাই অহাৰ লগতে সদস্য সদস্যাক প্ৰশিক্ষণ দিয়াকে ধৰি খাদ্য সংগ্ৰহ আনকি যিকোনো বাহন আদি ব্যৱহাৰ কৰা, অস্ত শস্ত্ৰ সংগ্ৰহ আদি কৰি আহিছে। ইয়াৰ বাবে আলফাই প্ৰতি মাহে এন এছ চি এনক প্ৰায় এক কোটি টকা আদায় দিব লাগে। কিন্তু বিগত কেবামাহ ধৰি আলফাৰ তৰফৰ পৰা বৃহৎ পৰিমাণৰ ধন অনাদায় হৈ থকাত এন এছ চি এনে আলফাক অতি শীঘ্ৰে অনাদায় কৃত হৈ থকা ধন আদায় দিবলৈ সকিয়নি দিছে বুলি চোৰাংচোৱা সূত্ৰই তথ্য লাভ কৰিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা ১৬ মে'ৰ আগে পিছে আলফাৰ শীৰ্ষ মহলত এক সভা অনুষ্ঠিত হয়, য'ত আৰ্থিক সংকটৰ পৰা উদ্ধাৰ পাবলৈ আলফা স্বাধীনে ৰাজ্যত ব্যাপক ধনদাবী আৰু অপহৰণ কাণ্ড সংঘটিত কৰিবলৈ পৰিকল্পনা কৰা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছে। দাবীকৃত ধন আদায় কৰিবলৈ সংগঠনটোৰ সদস্যই কূটাঘাত মূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি তথ্য লাভ কৰালৈ চাই চৰাইদেউ জিলা আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিব দিয়ে।
জিলা খনত আলফাৰ সদস্যই যাতে কোনো কাৰণতে আশ্ৰয় লব নোৱাৰে তালৈ আৰক্ষী প্ৰশাসনে কঠোৰ দৃষ্টি নিবদ্ধ ৰখা বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰে। ইফালে চৰাইদেউ জিলাত নানা অসামাজিক কাৰ্য কলাপ ৰোধ কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে জিলা আৰক্ষী প্ৰশাসন সদায় সষ্টম হৈ থকা বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ বিভিন্ন ঠাইত কোনো অসামাজিক কাৰ্য কলাপ চলি আহিলে লগতে কোনো লোকে ড্ৰাগছৰ সৰবৰাহ বা বিক্ৰীত জড়িত হৈ থকাৰ তথ্য জিলাখনৰ বাসিন্দা সকলে লাভ কৰিলে সেয়া শীঘ্ৰে জিলা আৰক্ষী প্ৰশাসনৰ দৃষ্টি গোচৰ কৰাবলৈ আহ্বান জনায়।
Comments