গুৱাহাটী,২৭ মে':আপ নেতা ভগৱন্ত মানে ১৬ মাৰ্চত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈছিল।তাৰ দুদিন আগতে লোকসভাৰ পৰা তেওঁ পদত্যাগ কৰিছিল কিন্তু ইয়াৰ পিছতো লোকসভাৰ সাংসদ হিচাপে দিল্লীত আৱণ্টন দিয়া চৰকাৰী আৱাস তেওঁ এৰি দিয়া নাছিল।ইয়াকে লৈ সৃষ্টি হৈছে অন্য এক বিতৰ্কৰ।
ৰাইচিনা পাহাৰৰ নৰ্থ এভিনিউত থকা তেওঁৰ আৱাসটো এতিয়াও খালী কৰা নাই ভগৱন্ত মানে,লোকসভা সচিবালয়ে তেওঁৰ এই দখলৰ বিৰুদ্ধে শীঘ্ৰে উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে কৰ্তৃপক্ষক।২০১৯ চনৰ লোকসভা নিৰ্বাচনত পঞ্জাৱৰ চাংগ্ৰুৰ লোকসভা সমষ্টিৰ পৰা ভগৱন্ত মান নিৰ্বাচিত হৈছিল।তেওঁ ২০২২ চনৰ মাৰ্চত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'বলৈ চাংৰুৰৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।সচিবালয়ে এই সংক্ৰান্তত সম্পত্তিবিষয়াৰ সন্মুখত এখন আৱেদন দাখিল কৰিছে আৰু এই আৱেদনখনত ১৩ এপ্ৰিলৰ পিছত ভৱনটো দখল কৰাটো নিয়মাৱলীৰ বাহিৰত বুলি দাবী কৰিছিল।
Comments