গুৱাহাটী, ২৭ মে’ - উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত আজি অসম ছাত্ৰ পৰিষদৰ এটি সজাতি দলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সচিবক লগ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আলোচনাত মিলিত হয় ।
আলোচনাত অসম ছাত্ৰ পৰিষদে পৰীক্ষা বাতিলৰ দাবী কৰিছিল যদিও আলোচনাৰ অন্তত কভিদৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে তথা আত্মবিশ্বাস বৃদ্ধিৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হৈছে বুলি কৈ সচিব গৰাকীয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কোনো ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ নহয় বুলি অসম ছাত্ৰ পৰিষদৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নিশ্চয়তা প্ৰদান কৰে ।
আলোচনাত সচিব দুৰ্লভ পাটগিৰি , পৰীক্ষা নিয়ন্ত্ৰক পঙ্কজ বৰঠাকুৰ , অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা , সম্পাদকদ্বয় কস্তুৰী চুতীয়া আৰু মুকুট দাস তথা উপ সভাপতি ৰবিশংকৰ কোঁৱৰ উপস্থিত থাকে।
Comments