তেজপুৰ ঃ বিশেষ প্ৰতিনিধি, ২৭ মে’ ঃ বেংগালুৰুস্থিত নেশ্যনেল ইনষ্টিটিউট অব্ মেণ্টেল হেল্থ এণ্ড নিউৰ’ ছায়েন্স, চমুকৈ ‘নিমহান্ছ’ৰ সমপৰ্যায়লৈ উন্নীত কৰা হ’ব অসমৰ একমাত্ৰ আঞ্চলিক মানসিক চিকিৎসা প্ৰতিষ্ঠানখন৷
ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণেৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নীতকৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ৷ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক ভাৰতৰ দ্বিতীয়খন স্বাস্থ্য প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ বাবেও প্ৰস্তাৱ লোৱা হৈছে৷ আজি তেজপুৰৰ গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত অব্যাহত থকা আন্তঃগাঁথনি উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম-কাজৰ বুজ লৈ এইদৰে কয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷
উল্লেখযোগ্য যে ১৮৭৬ চনত তেজপুৰত প্ৰতিষ্ঠা লাভ কৰা এই মানসিক চিকিৎসালয়খনত বিগত সময়ছোৱাত চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে লাভ কৰা পুঁজিৰ অধীনত বিভিন্ন আন্তঃগাঁথনি কাম অব্যাহত ৰখাৰ সমান্তৰালভাৱে অত্যাধুনিক সা-সঁজুলিৰে কেৱল অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিহাৰ, পশ্চিম বংগ আদি আন আন ৰাজ্যৰ মানসিক ৰোগীকো চিকিৎসা সেৱা আগবঢ়াই আহিছে৷
বিগত কেইটামান বৰ্ষত বছৰি প্ৰায় এক লাখ ২০ হাজাৰৰো অধিক মানসিক ৰোগীয়ে গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰি আহিছে৷ বিভিন্ন কাৰণবশতঃ মানসিক ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত তেজপুৰৰ এই মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰো গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷
মুখ্যমন্ত্ৰী তথা তেজপুৰৰ প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিৰ উপ-সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দেশ মৰ্মে আজি তেজপুৰৰ এই প্ৰতিষ্ঠানটোত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী তথা প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিৰ সদস্য কেশৱ মহন্ত৷ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ শৈলেন্দ্ৰ কুমাৰ দেউৰী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা প্ৰমুখ্যে প্ৰতিষ্ঠানখনৰ বিষয়ববীয়া আৰু পৰিচালনা সমিতিৰ অন্যান্য সদস্যসকলৰ সৈতে এক আলোচনাত মিলিত হৈ প্ৰতিষ্ঠানখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷
প্ৰণিধানযোগ্য যে ১৪৭ বৰ্ষ গৰকা লোকপ্ৰিয় গোপীনাধ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক ‘ইনষ্টিটিউট অব্ নেশ্যনেল ইম্পৰ্টেন্স’ হিচাপে উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ লগে লগে প্ৰতিষ্ঠানখনৰ বিষয়ববীয়া-কৰ্মচাৰীসকল আহ্লাদিত হৈ পৰাৰ সমান্তৰালভাৱে অনাগত দিনত এই ঐতিহ্যমণ্ডিত স্বাস্থ্য প্ৰতিষ্ঠানখনৰ জৰিয়তে অসংখ্য ৰোগীক উন্নতমানৰ চিকিৎসা প্ৰদানৰ পথ প্ৰশস্ত কৰাৰ আশা কঢ়িয়াই আনিছে৷
এই আলোচনাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ দেশজুৰি টেলি মেণ্টেল হেল্থ আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত ২০০ কোটি টকা আবণ্টন দিয়া বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰি এন আৰ চি সন্দৰ্ভত কয়– এই সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰৰ মজিয়াত আলোচনা কৰা হৈছে৷
যদি কিবা আসোঁৱাহ ৰৈ গৈছে তেন্তে সংশোধন হ’ব লাগে৷ প্ৰতীক হাজেলাৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব, কিয়নো হাজেলাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈছে৷ আইনে যি নিৰ্ণয় কৰে সেয়াই হ’ব৷ আইনৰ ওপৰত আমাৰ বিশ্বাস আছে৷ এন আৰ চিৰ পুনৰীক্ষণৰ ওপৰত চৰকাৰে ইতিমধ্যে স্থিতি স্পষ্ট কৰিছে৷
শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আঞ্চলিক দল অগপত যোগদান কৰিব বুলি চৰ্চা হৈ থকা বিষয়টোৰ সন্দৰ্ভত অগপ মন্ত্ৰী কেশৱ মহন্তই কয় যে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ এই পৰ্যন্ত আমাৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই৷
Comments