গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ ঃ নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ গঢ়ি উঠাআঞ্চলিক দল অসম জাতীয় পৰিষদত খহনীয়া আৰম্ভ হৈছে৷ নেতৃত্বৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি জন্মলগ্নৰে পৰা জাতীয় পৰিষদৰ সৈতে জড়িত হৈ থকা চিত্তৰঞ্জন বসুমতাৰীয়ে আজি দলটোৰ পৰা পদত্যাগ কৰিছে৷
দলৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা পদত্যাগ-পত্ৰখনত জাতীয় পৰিষদৰ সম্পাদকৰ দায়িত্বত থকা বসুমতাৰীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে সাংগঠনিক ভেটি নিমাৰ্ণত ব্যৰ্থ হোৱা দলটোৰ ভিতৰচ’ৰাত এতিয়া সন্দেহ আৰু অবিশ্বাসৰ পৰিৱেশ গঢ় লৈ উঠিছে৷ দলৰ শীৰ্ষ নেতৃত্বই তেওঁলোকক অন্ধকাৰত ৰাখি সংবিধানৰ আওতাৰ বাহিৰত বহু সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত দলটোৰ ক্ষতি হৈছে৷
আনকি জাতিটোৰ ভৱিষ্যতক লৈ অসম জাতীয় পৰিষদে হেতালি খেলিছে বুলি স্পষ্টভাৱে উল্লেখ কৰি পদত্যাগ-পত্ৰখনত বসুমতাৰীয়ে উল্লেখ কৰিছে যে অৰাজনৈতিক দল-সংগঠনসমূহক জাতীয় পৰিষদে শত্ৰুজ্ঞান কৰিবলৈ লৈছে৷ ভুল ৰণকৌশল, উপ-নিবাৰ্চনত আন দলৰ সৈতে কৰা বুজাবুজিৰ কু-ফল, গুৱাহাটী পৌৰ নিবাৰ্চনত দুৰ্বল স্থিতি আদিকথা উল্লেখ কৰি বসুমতাৰীয়ে লগতে প্ৰকাশ কৰিছে যে দলত এতিয়া ছদ্মৱেশী বন্ধুৱে ছানি ধৰিছে৷
ইফালে, বসুমতাৰীৰ পদত্যাগক লৈ আ(ৰ্য প্ৰকাশ কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেলত কয় যে বসুমতাৰীয়ে তেওঁৰ পদত্যাগ-পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি তেওঁ আশাবাদী৷ কিছুমান কথাত ক্ষোভ প্ৰকাশ কৰিতেওঁ পদত্যাগ কৰিছে যদিও মোৰ বিশ্বাস তেওঁ দল এৰি নাযায়৷
কিয়নো আমাৰ লক্ষ্য আৰু উদ্দেশ্য একেই৷ অৱশ্যে পদত্যাগ-পত্ৰ প্ৰেৰণ কৰাৰ পূৰ্বে বসুমতাৰীয়ে তেওঁৰ সৈতে এবাৰ এই সন্দৰ্ভত আলোচনা কৰিব পাৰিলেহেঁতেন বুলি মত ব্যক্ত কৰাৰ লগতে সমগ্ৰ বিষয়টো দলৰ মজিয়াত আলোচনা কৰি মীমাংসা কৰা হ’ব বুলিও গগৈয়ে উল্লেখ কৰে৷
উল্লেখযোগ্য যে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বসুমতাৰীয়ে বিগত বিধানসভাৰ নিবাৰ্চনত ধেমাজিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ’লেও প্ৰায় ৫০ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ দলটোৰ ভিতৰতে তেৱেঁই আছিল সবাৰ্ধিক ভোট পোৱা প্ৰাথ¹৷ ইফালে, মাজুলী সমষ্টিৰ উপ-নিবাৰ্চনত বিৰোধীৰ উমৈহতীয়া প্ৰাথ¹ হিচাপে থিয় দিছিল বসুমতাৰীয়ে৷
আজি বসুমতাৰীয়ে ছ’চিয়েল মিডিয়া ফে’চবুকত দলৰ পৰা পদত্যাগ কৰি এতিয়া তেওঁ ৰাজনৈতিকভাৱে মুক্ত বুলি উল্লেখ কৰিছে৷ আনহাতে, আজি দলটোৰ উপ-সভাপতিৰ দায়িত্বত থকা আন এজন নেতা পলাশ ৰনজন বৰুৱায়ো পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে৷
দলৰ এটা সূত্ৰৰ মতে, অনাগত দিনত দলটোৰ বিভিন্ন দায়িত্বত থকা আৰু বহুকেইজন নেতাই পদত্যাগ কৰিব৷ দলৰ সভাপতি গগৈ আৰু দলটোক পৰামৰ্শ দিয়া লোকসকলৰ প্ৰতি দলৰ প্ৰায়সংখ্যক নেতাই অসন্তুষ্ট হৈ পৰিছে বুলি জনাই সূত্ৰটোৱে প্ৰকাশ কৰা মতে, আজি চিত্তৰঞ্জন বসুমতাৰীৰপদত্যাগ আৰম্ভণিহে, অনাগত দিনত দল ত্যাগৰ জোৱাৰ উঠিব৷
Comments