গুৱাহাটী, ২৮ মেঃ শেহতীয়াকৈ এগৰাকী মডেলে কলিকতাৰ পাটুলি অঞ্চলত নিজৰ ঘৰত চিপ লোৱা অৱস্থাত পোৱা গৈছে। এইটোকে লৈ বিগত তিনি দিনত দ্বিতীয়টো আত্মহত্যাৰ ঘটনা হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত মডেল গৰাকী মঞ্জুশা নিয়োগী বুলি চিনাক্ত কৰা হৈছে। একে সময়তে, তেওঁৰ মাতৃয়ে দাবী কৰিছে যে, "দুদিন আগতে তেওঁৰ বন্ধু তথা মডেল বিদিশা দে মজুমদাৰৰ মৃত্যুৰ পিছত মোৰ ছোৱালীজনী গভীৰ হতাশাত ভুগি আছিল।"
বিদিশা মজুমদাৰ দাম্পত্য মেকআপ ফটোশ্বুটৰ বাবে এগৰাকী সুপৰিচিত মডেল আছিল। তেওঁ বুধবাৰে সন্ধিয়া ডমডম অঞ্চলৰ এটা ভাড়াঘৰত আত্মহত্যা কৰিছে।
আনহাতে, এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মঞ্জুশা নিয়োগীৰ মৃত্যু সন্দৰ্ভত কৈছে যে, "মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ইফালে, নিয়োগীৰ মাতৃয়ে জানিবলৈ দিয়া অনুসৰি, নিয়োগীয়ে তেওঁৰ বন্ধু বিদিশাৰ মৃত্যুৰ পিছত গভীৰ হতাশাত আছিল আৰু তেওঁৰ বন্ধুৰ বিষয়ে একেৰাহে কথা পাতি আছিল। টিভি ধাৰাবাহিকত কাম কৰা বিখ্যাত অভিনেত্ৰী পল্লবী দেয়েও শেহতীয়াকৈ দক্ষিণ কলিকতাৰ গাৰ্ফা অঞ্চলত অৱস্থিত তেওঁৰ ভাড়াৰ ফ্লেটত চিপ লোৱা অৱস্থাত পোৱা গৈছিল।
Comments