গুৱাহাটী, ২৮ মেঃ সকলোৱে হয়তো ভাৰতীয় নোটবোৰৰ কাষত দুডালকৈ হেলনীয়া ৰেখা লক্ষ্য কৰিছে। কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ কি?
যদি কোনোবাই সকলোবোৰ নোট অতি মনোযোগেৰে চাইছে, তেন্তে তেওঁ নিশ্চয় দেখিব যে পাঁচ টকাৰ পৰা দুই হাজাৰ টকালৈকে নোটৰ কাষৰ ৰেখাবোৰ বেলেগ থাকে। অৰ্থাৎ, ১০০ টকাৰ নোটত কম ৰেখা আৰু ২০০০ টকাৰ নোটত অধিক ৰেখা থাকে। দৰাচলতে, এই ৰেখাবোৰ নোটবোৰৰ মূল্য অনুসৰি কম বেছিকৈ থাকে।
নোটবোৰৰ কাষত তৈয়াৰ কৰা এই ৰেখাবোৰক 'ব্লিড মাৰ্ক' বুলি কোৱা হয়। এই শাৰীবোৰ থকাৰ কৰাৰ বিশেষ কাৰণ হ'ল, এইবোৰ দৃষ্টিহীন লোকৰ বাবে তৈয়াৰ কৰা হয়। যিসকল নোটবোৰ চকুৰে চাব নোৱাৰে, তেওঁলোকে এই শাৰীবোৰৰ জৰিয়তে নোটকেইখনৰ মূল্য কিমান বুজিব পাৰে। যাতে কোনেও তেওঁলোকক ঠগিব নোৱাৰে। অন্ধ লোকসকলে এই শাৰীবোৰত আঙুলি ফুৰাই নোটখনৰ মূল্য কিমান বিচাৰি উলিয়াব পাৰে।
অন্ধ লোকৰ সুবিধাৰ বাবে তৈয়াৰ কৰা এই শাৰীবোৰ ইয়াৰ মূল্য অনুসৰি প্ৰতিখন নোটত পৃথক হয়। যদি কোনোবাই ১০০ টকাৰ এখন নোট লয় আৰু ইয়াক ভালদৰে নিৰীক্ষণ কৰে, তেন্তে তেওঁ নোটখনৰ দুয়োফালে চাৰিডাল ৰেখা দেখিব। ২০০ টকাৰ নোটত চাৰিডাল ৰেখা থাকে, কিন্তু ইয়াৰ সৈতে দুটা শূন্যও সংলগ্ন হৈ থাকে।
আনহাতে ৫০০ টকাৰ নোটত পাঁচডাল ৰেখা থাকে আৰু ২০০০ টকাৰ নোটত ৭ ডাল ৰেখা দেখিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সকলো ৰেখা উঠা-নমাকৈ থাকে। যাতে অন্ধ মানুহবোৰে অনুভৱ কৰিব পাৰে আৰু নোটখনৰ মূল্য কিমান।
Comments