গুৱাহাটী, ২৮ মেঃ ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ফলত বিশ্বত শক্তিখণ্ডত সংকট বৃদ্ধি পাইছে। ইফালে, চৌদি আৰৱৰ পৰা তেল ৰপ্তানি সন্দৰ্ভত এনে এক মন্তব্য আহিছে, যাৰ ফলত বিশ্ববাসী হতবাক হৈ পৰিছে। চৌদি আৰবে তেলৰ বৰ্ধিত মূল্য সন্দৰ্ভত কোনোধৰণৰ পদক্ষেপ ল'বলৈ অস্বীকাৰ কৰিছে।
দেশৰ বৈদেশিক মন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। ৰাজকুমাৰ ফৈজল বাপিন ফাৰহানে বিশ্ব অৰ্থনৈতিক মঞ্চক কৈছে যে, "আমি যিমান দূৰ জানো, তেলৰ কোনো অভাৱ হোৱা নাই। আমি যি কৰিব পাৰোঁ, সেয়া কৰিছোঁ।
ইপিনে, আন্তৰ্জাতিক শক্তি সংস্থা চমুকৈ আই.ই.এ. ৰ মতে, চৌদি আৰৱ হৈছে বিশ্বৰ সৰ্ববৃহৎ তেল ৰপ্তানিকৰ্তা দেশ। বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰিবলৈ, আই.ই.এ.-য়ে মাৰ্চ মাহত ষ্টকতকৈ অধিক তেল মুকলি কৰাৰ বাবে ১০ টা দফা পৰিকল্পনা প্ৰস্তুত কৰিছিল।
ৰাছিয়া হৈছে বিশ্বৰ অন্যতম বৃহৎ তেল উৎপাদক আৰু ইউক্ৰেইনৰ ওপৰত ইয়াৰ আক্ৰমণে বিশ্বত এক শক্তি সংকটৰ সৃষ্টি কৰিছে। যোৱা বছৰত খাৰুৱা তেলৰ মূল্য ৭০ শতাংশ বৃদ্ধি পাইছে আৰু ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰা প্ৰতি বেৰেলত ১১০ ডলাৰৰ পৰা ২০ শতাংশ বৃদ্ধি পাইছে।
আনহাতে, প্রিন্স ফৈজালে উক্ত বিষয় সন্দৰ্ভত কৈছে যে, "আমাৰ অনুমান অনুসৰি, তেলৰ যোগান বৰ্তমান সন্তুলিত। চৌদি আৰবে অতিৰিক্ত তেল যোগান নধৰে।"
ইপিনে, তেলৰ বৰ্ধিত মূল্যই আমেৰিকা যুক্তৰাষ্ট্ৰত মুদ্ৰাস্ফীতি বৃদ্ধি কৰিছে, যি এপ্ৰিলত ৮.৩ শতাংশ আছিল। ইয়াৰ লগতে, আই ই এৰ কাৰ্যবাহী সঞ্চালকজনেও সতৰ্ক কৰি দিছে যে গ্ৰীষ্মকালত তেলৰ মূল্য বৃদ্ধিয়ে বিশ্বব্যাপী মন্দাৱস্থাৰ সৃষ্টি কৰিব পাৰে।
ইফালে, ফাতিহ বিৰোলে ব্লুমবাৰ্গক কৈছে যে, "এই গ্ৰীষ্মকাল কঠিন হ'ব কিয়নো গ্ৰীষ্মকালত তেলৰ চাহিদা সাধাৰণতে শীৰ্ষত থাকে। বিশ্বব্যাপী শক্তিখণ্ডৰ বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে যিমান সম্ভৱ সকলো কৰা উচিত।"
কিন্তু প্ৰিন্স ফৈজালে যুক্তি দিছে যে, "খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ সমাধান হ'ল যোগান বৃদ্ধি কৰাতকৈ শোধনাগাৰত অধিক বিনিয়োগ কৰা।" বৰ্তমান চৌদি আৰৱৰ এই পদক্ষেপৰ ফলত ভাৰতৰ খাৰুৱা তেলৰ বজাৰত ব্যাপকভাৱে প্ৰভাৱ পৰিব।
Comments