গুৱাহাটী, ৩০ মেঃ সোমবাৰে মণিপুৰৰ থৌবাল জিলাৰ খোংজোম গাঁৱৰ চাপাম মায়াই লেইকাইৰ এটা কমিউনিটি হলৰ ভিতৰত সন্দেহজনক আই ই ডি বিস্ফোৰণ হোৱাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত ব্যক্তিজন পশ্চিম বংগৰ বাসিন্দা তথা পেছাত এজন শ্ৰমিক আছিল। তেওঁৰ লগতে আন ৪ জন শ্ৰমিক কমিউনিটি হলত এটা পানীৰ টেংকী নিৰ্মাণ কাৰ্য্যত নিয়োজিত হৈ আছিল।
ইপিনে, ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয় যে, "খৰিয়াতাবাদৰ পংকজ মহাতো (২১) থৌবাল জিলা চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। লগতে, আহতসকলক স্থানান্তৰ কৰা হৈছে আৰু চিকিৎসাৰ বাবে থৌবাল জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বিস্ফোৰণত আহত হোৱা শ্ৰমিক কেইজন ক্ৰমে অৰূপ মণ্ডল (৩০), সৌভিক পাত্ৰ (১৮), অপূৰ্ব মণ্ডল (২৫) আৰু ৰাজেশ ৰামনিক (১৯) বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমান, থৌবাল আৰক্ষীয়ে ফৰেনচিক বিভাগৰ লোকৰ সৈতে বিস্ফোৰণ কাণ্ড সংঘটিত হোৱা ঠাইখন পৰিদৰ্শনৰ কৰি আছে আৰু ঘটনাসন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।
Comments