গুৱাহাটী,৩০ মে':বিজেপিৰ শ্ৰুতলিপিত এ আই ইউ ডি এফ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। দেওবাৰে দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সভাপতি বৰাই এই অভিযোগ উত্থাপন কৰে।এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে তৃণমূল কংগ্ৰেছ,আপ আৰু এ.আই.ইউ.ডি এফে আগন্তুক দিনত মিত্ৰতা কৰি একত্ৰিত হৈ বিজেপিক প্ৰতিৰোধ কৰিব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ইয়াক ষড়যন্ত্ৰমূলক আখ্যা দিয়ে ৰিপুন বৰাই।তেওঁ কয়,‘‘আমিনুল ইছলামৰ এনে আহ্বান জনোৱাৰ কোনো নৈতিক অধিকাৰ নাই আৰু ইয়াক আমি প্ৰত্যক্ষভাৱে প্ৰত্যাখ্যান কৰিছো’’।
বিজেপি আৰু এ আই ইউ ডি এফ এটা পইচাৰে ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি তেওঁ কয় যে এ আই ইউ ডি এফ বিজেপিৰ 'বি' টিম বুলি ইতিমধ্যেই প্ৰমাণ হৈছে।আমিনুল ইছলামে বিজেপিৰ শ্ৰুতলিপিত বিৰোধী মিত্ৰতাৰ কথা কৈছে বুলি সদৰি কৰি তেওঁ কয় যে,তৃণমূল বিজেপিৰ ফান্দত কেতিয়াও নপৰে।তেওঁ কয় যে,অসমৰ খিলঞ্জীয়া লোকৰ মাজত তৃণমূলৰ জনপ্ৰিয়তা লাহে লাহে বৃদ্ধি পোৱাত বিজেপি শংকিত হৈছে আৰু মূলসূঁতিৰ অসমীয়া মানুহে যাতে তৃণমূলক সমৰ্থন নকৰে তাৰ বাবে এ আই ইউ ডি এফৰ লেবেল লগাই দিয়াৰ প্ৰয়াস কৰিছে।বিগত ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ সাতজন বিধায়কে বিজেপিক ভোট দি পোনপটীয়াকৈ সহায় কৰিছিল বুলিও উল্লেখ কৰে বৰাই।
Comments