গুৱাহাটী,৩০ মে':চলিত আইপিএলৰ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচত বিজয়ীৰ হাঁহি মাৰে হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে ৷ চলিত ছিজনত আত্মপ্ৰকাশ কৰিয়েই দলটোৱে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বিপক্ষৰ টীম ৰাজস্থান ৰয়েলছৰ হৈ দলটোৱে সাত উইকেটৰ বিনিময়ত জয় লাভ কৰিবলৈ সক্ষম হয় ৷দলটোৱে সাত উইকেটৰ বিনিময়ত জয় লাভ কৰিবলৈ সক্ষম হয় ৷
জছ বাটলাৰৰ আইপিএলৰ আটাইতকৈ মূল্যৱান খেলুৱৈ হিচাপে পৰিগণিত হৈছে লগতে বাটলাৰে ৮৬৩ ৰাণ সংগ্ৰহ কৰাৰ বাবে অৰেঞ্জ কেপ পায়।তেওঁ গেম চেঞ্জাৰ আৰু পাৱাৰপ্লেয়াৰ অফ দ্যা ছিজনৰো সন্মান লাভ কৰে।কলকাতা নাইট ৰাইডাৰ্ছৰ অভিযানত সমাপ্ত কৰা এভিন লুইছৰ চমকপ্ৰদ কেচটোৱে ছিজনৰ শ্ৰেষ্ঠতম কেছ হিচাপে চিনাক্ত কৰা হৈছে।যুজবেন্দ্ৰ চহলে ২৭ টা উইকেট দখল কৰাৰ বাবে বেঙুনীয়া কেপ লাভ কৰে।লকি ফাৰ্গুচনে ছিজনৰ দ্ৰুততম ডেলিভাৰীৰ বঁটা লাভ কৰিছিল।ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছে ফেয়াৰপ্লে বঁটা ভাগ বতৰা কৰে।ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ দিনেশ কাৰ্তিকে 'চুপাৰ ষ্ট্ৰাইকাৰ' সন্মান লাভ কৰে আৰু তেওঁ এখন টাটা পাঞ্চ গাড়ী প্ৰদান কৰা হয়।জছ বাটলাৰে ৪৫ টা সৰ্বাধিক ছিক্স মৰাৰ বাবে 'লেটচ ক্ৰেক ইট ছিক্স' বঁটা লাভ কৰিছে।উমৰণ মালিকে উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰিছিল।
Comments