গুৱাহাটী, ৩০ মেঃ ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে সোমবাৰে অসামৰিক সেৱা পৰীক্ষা (ইউ পি এছ চি) ২০২১ৰ চূড়ান্ত ফলাফল ঘোষণা কৰে।
এই পৰীক্ষাত প্ৰায় ৬৮৫ জন প্ৰাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। তাৰে ভিতৰত, ২৪৪ গৰাকী সাধাৰণ শ্ৰেণীৰ, ৭৩ গৰাকী অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ, ২০৩ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ, ১০৫ গৰাকী অনুসূচীত জাতি আৰু ৬০ জন অনুসূচীত জনজাতিৰ।
শীৰ্ষ তিনিটা স্থান এই বছৰ ছোৱালী প্ৰাৰ্থীয়ে সুৰক্ষিত কৰিছে। ছেইণ্ট ষ্টিফেনছ কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শ্ৰুতি শৰ্মাই এই পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১ নম্বৰ স্থান লাভ কৰিছে। শ্ৰুতিয়ে জামিয়া মিলিয়া ইছলামিয়া আৱাসিক প্ৰশিক্ষণ একাডেমীত ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।
ইপিনে, শীৰ্ষ দহ গৰাকী প্ৰাৰ্থী ক্ৰমে অংকিতা আগৰৱালা দ্বিতীয় স্থান, গামিনী সিংলাই তৃতীয় স্থান, ঐশ্বৰ্য বাৰ্মাই চতুৰ্থ স্থান, উৎকৰ্ষ দ্বিবেদীয়ে পঞ্চম স্থান, যক্ষ চৌধুৰীয়ে ষষ্ঠ স্থান, সমক এছ জৈনে সপ্তম স্থান, ঈশিতা ৰাঠীয়ে অষ্টম স্থান, প্ৰীতম কুমাৰে নৱম স্থান আৰু হৰকীৰত সিং ৰন্ধাৱাই দশম স্থান লাভ কৰে।
ইউ.পি.এছ.চি. প্ৰাৰম্ভিক পৰীক্ষা ১০ অক্টোবৰ, ২০২১ তাৰিখে অনুষ্ঠিত হৈছিল, আৰু পৰীক্ষাৰ ফলাফল ২৯ অক্টোবৰত প্ৰকাশ কৰা হৈছিল। মুখ্য পৰীক্ষা ৭ ৰ পৰা ১৬ জানুৱাৰী লৈ ২০২২ লৈ অনুষ্ঠিত হৈছিল, আৰু ফলাফল ১৭ মাৰ্চ, ২০২২ তাৰিখে ঘোষণা কৰা হৈছিল। লগতে, সাক্ষাৎকাৰ ৫ এপ্ৰিলত আৰম্ভ হৈছিল আৰু ২৬ মে'ত সমাপ্ত হৈছিল।
Comments