গুৱাহাটী,৩০ মে':মন্ত্ৰী সঞ্জয় কিষাণে আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাক ক্ষমা খোজাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। মন্ত্ৰী সঞ্জয় কিষাণক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে, সঞ্জয় কিষাণক কালিহে আলফাক ক্ষমা খোজা ক্ষেত্ৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ সময় পালে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰী প্ৰথমে নীৰৱ আছিল এতিয়াহে সাৰ পালে।
আলফাৰ প্ৰতি অলপ সহানুভূতি দেখুওৱা বহু মানুহক মুখ্যমন্ত্ৰীয়ে জেইলৈ পঠিয়াইছে বুলিও তেওঁ উল্লেখ কৰে।সঞ্জয় কিষাণে আলফাক ক্ষমা খুজি চূড়ান্ত অপৰাধ কৰিছে বুলি মন্তব্য কৰি বৰাই কয় যে, তেওঁক বৰ্খাস্ত কৰাই নহয় জেইললৈ প্ৰেৰণ কৰিব লাগে।ফেচবুকত লিখা আৰু মন্ত্ৰী একেই আইনৰ গণ্ডীত পৰে।অসমত গণতন্ত্ৰৰাজ, মুখ্যমন্ত্ৰীৰাজ নে আলফাৰাজ চলিছে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই।
আলফালৈ ল'ৰা যোৱাৰ বাবে অপৰাধী সঞ্জয় কিষাণ।যুৱকসকলক আলফালৈ যোৱাত অনুপ্ৰাণিত কৰিছে সঞ্জয় কিষাণে বুলিও বিস্ফোৰক মন্তব্য কৰে ৰিপুন বৰাই।
Comments