গুৱাহাটী, ৩১ মেঃ বৰ্তমান বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান তেওঁৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি 'ভুল ভুলিয়া-২'ৰ বাবে চৰ্চাত আছে। তেওঁৰ চলচ্চিত্ৰখনে একেৰাহে উপাৰ্জনৰ নতুন অভিলেখ ভংগ কৰিছে। কিন্তু এই ছবিখনৰ উপাৰ্জনৰ লগতে কাৰ্তিক আৰিয়ানৰ মাচুল বৃদ্ধি পাইছে। কাৰ্তিকে বৰ্তমান তেওঁৰ মাচুল যথেষ্ট বৃদ্ধি কৰিছে।
যেতিয়াৰ পৰা 'ভুল-ভুলাইয়া ২' মুক্তি পাইছে, বাণিজ্য বিশেষজ্ঞসকলে কৈছে যে, "এতিয়া বলীউড লাহে লাহে বাণিজ্যৰ মূল পথলৈ ঘূৰি আহিছে।"
ইপিনে, সকলো অনুৰাগীয়ে অনুভৱ কৰিছে যে, 'ভুল ভুলাইয়া ২' এতিয়া চুপাৰহিট বা ব্লকবাষ্টাৰ হ'বলৈ আগবাঢ়িছে। ইয়াৰ লগতে, কাৰ্তিক আৰিয়ান বৰ্তমান চিনেমা নিৰ্মাতাসকলৰ পছন্দৰ অভিনেতা হৈ পৰিছে। তেওঁৰ চলচ্চিত্ৰসমূহে কম বাজেটত ভাল ব্যৱসায় দিয়ে।
ইয়াৰ লগতে, বৰ্তমান ভুল ভুলায়া ২'য়ে বক্স অফিচত উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ছবিগৃহত তেওঁৰ অন্তিম পাঁচখন ছবি মুক্তি পোৱাৰ ভিতৰত এইখন কাৰ্তিৰ চতুৰ্থ খন হিট ছবি।
বৰ্তমান সময়ত কাৰ্তিকে প্ৰতিখন চিনেমাৰ বাবদ ১৫-২০ কোটি টকা মাচুল লৈছিল। কিন্তু, কাৰ্তিকে এতিয়াৰে পৰা এখন চলচ্চিত্ৰৰ বাবে ৩৫-৪০ কোটি টকা ল'ব বুলি বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে।
Comments