গুৱাহাটী, ৩১ মেঃ প্ৰধানমন্ত্ৰী নাফটালি বেনেটে ইৰাণক একেৰাহে আক্ৰমণ কৰাৰ অভিযোগ তুলি ভাবুকি প্ৰদান কৰিছে। বেনেটে কৈছে যে, "তেহৰাণক মনে মনে আক্ৰমণৰ উচতনি দিয়াৰ বাবে শাস্তি দিয়া হ'ব।"
বেনেটে আৰু কয় যে, "কেইবা দশক ধৰি ইৰাণৰ শাসনে তেওঁলোকৰ মিত্ৰশক্তিৰ সৈতে ইজৰাইল আৰু ইয়াৰ আশেপাশে থকা অঞ্চলবোৰত গোপনে সন্ত্ৰাসবাদ বিয়পাই আহিছে, কিন্তু এই গোটটোৰ নেতা ইৰাণে সদায় পৃষ্ঠপোষকতা লাভ কৰি আহিছে।"
"আমি আগতে কোৱাৰ দৰে, ইৰাণৰ আনন্দৰ দিন শেষ হৈছে। যিসকলে সন্ত্ৰাসবাদক পুঁজি যোগান ধৰিছে, যিসকল সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী প্ৰেৰণ কৰিছে, তেওঁলোকে ইয়াৰ বাবে উচিত মূল্য পৰিশোধ কৰিব লাগিব।"
বেনেটৰ এই মন্তব্য তেহৰাণত ৰিভলিউচনৰী গাৰ্ডছকৰ্প হাছান চৈয়দ খোদাইৰ হত্যাৰ এসপ্তাহ পিছত আহিছে, যাৰ হত্যাৰ বাবে ইজৰাইলক দোষাৰোপ কৰা হৈছে।
'ইশ্বৰৰ ৰক্ষক' হিচাপে জনাজাত খোদাইক তেওঁৰ গাড়ীতে মটৰচাইকেলত অহা দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। তেওঁক ইজৰাইলে বিশ্বজুৰি দেশখনৰ নাগৰিকসকলৰ বিৰুদ্ধে আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
ইপিনে, ইৰানে দাবী কৰিছে যে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোচাদে এই আক্ৰমণ চলাইছিল কাৰণ হত্যাৰ পদ্ধতি ইয়াৰ পূৰ্বৰ লক্ষ্যৰ সৈতে মিল খাইছিল। খোদাইক গুলীয়াই হত্যা কৰাৰ পিছত, ৰিভলিউচনৰী গাৰ্ডছে ইজৰাইলী ইণ্টেলিজেঞ্চ চাৰ্ভিচ নেটৱৰ্কৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰে, যাক ইৰাণত আক্ৰমণ চলাইছিল বুলি বিশ্বাস কৰা হৈছে।
এই হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাছিয়ে খোদাইক ইছলামিক ৰিভলিউচনৰী গাৰ্ডছ কৰ্পৰ বিদেশী অভিযান শাখা কুদছ বাহিনীৰ "শ্বহীদ" বুলি বৰ্ণনা কৰে। ২০২০ চনৰ নৱেম্বৰত শীৰ্ষ পাৰমাণৱিক বিজ্ঞানী মোহসেন ফখৰিজাদেহৰ পিছত এইটো ইৰাণৰ আটাইতকৈ উচ্চ-পৰ্যায়ৰ ঘটনা আছিল।
Comments